বঙাইগাঁও, ১৩ ডিচেম্বৰ (হি.স.): বঙাইগাঁৱত এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।কেবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱাৰ পিছত নিৰুদ্দেশ হৈ পৰিছে গীতাঞ্জলি নাথ নামৰ বোৱাৰী গৰাকী। ইফালে স্বামীক এৰি পেহীয়েকৰ ল'ৰাৰ লগত পলোৱাৰ সন্দেহ কৰিছে স্বামী দিলীপ নাথে। পত্নী সন্ধান হীন হৈ পৰাত একমাত্ৰ সন্তানক লৈ দিশহাৰা হৈছে স্বামী।
জানিব পৰা মতে নিৰুদ্দেশৰ পূৰ্বে বন্ধন বেংককে ধৰি কেবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ পৰা গীতাঞ্জলীয়ে লৈছিল ঋণ। ইফালে বোৱাৰী গৰাকীয়ে ঘৰৰ পৰা নগদ ধন, সোণৰ অলংকাৰ, কাপোৰ- কানিকে ধৰি বিভিন্ন নথি পত্ৰও লৈ যায়। স্বামী দিলীপ নাথৰ মতে গীতাঞ্জলীয়ে পেহীয়েকৰ ল'ৰা টুটু ৰায়ৰ লগত পলায়ন কৰিছে। টুটু ৰায়ৰ ঘৰ অভয়াপুৰীত বুলি কোৱা হৈছে।
ঘটনা সংক্ৰান্তত বঙাইগাঁৱৰ দেৱানগাঁৱৰ দিলীপ নাথে গীতাঞ্জলী নিৰুদ্দেশ হোৱা সম্পৰ্কত এজাহাৰ দাখিল কৰিছে । আনহাতে মাতৃক বিচাৰি দিনে নিশাই কান্দোনত ভাঙি পৰিছে দিলীপ- গীতাঞ্জলীৰ পাঁচ বছৰীয়া সন্তানটি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ