নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। বিশ্বৰ বজাৰত মিশ্ৰিত ধাৰাসমূহৰ মাজতে সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিন শুকুৰবাৰে শ্বেয়াৰ বজাৰখন সেউজ মাৰ্কত বন্ধ হৈ পৰে। বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্সৰ মূল্য ৭৫৯.০৫ পইণ্ট বা ০.৯৬ শতাংশ জপিয়াই ৭৯,৮০২.৭৯ত বন্ধ হয়। একে সময়তে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি ২১৬.৯৫ পইণ্ট বা ০.৯১ শতাংশ বৃদ্ধিৰে ২৪,১৩১.১০ স্তৰত বন্ধ হয়।
ব্যৱসায়ৰ শেষত ঘৰুৱা পৰ্যায়ত নিৰ্বাচিত বৃহৎ কোম্পানীসমূহৰ শ্বেয়াৰ ক্ৰয় কৰাৰ বাবে শুকুৰবাৰে শ্বেয়াৰ বজাৰত ভাল উত্থান ঘটিছিল। চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২৬টা ষ্টক বৃদ্ধি পোৱাৰ বিপৰীতে ৪টা ষ্টক হ্ৰাস পাইছে। একেদৰে নিফটিৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৪৩টা শ্বেয়াৰ বৃদ্ধি আৰু ৭টা শ্বেয়াৰ হ্ৰাস পাইছে। ইয়াৰ বাহিৰেও ৰিয়েলটি আৰু পিএছইউ বেংকিং খণ্ডৰ বাহিৰে এনএছইৰ সকলো খণ্ডৰ সূচকাংক বৃদ্ধিৰ লগে লগে বন্ধ হৈ পৰে।
বিশ্লেষকসকলৰ মতে, চেন্সেক্স আৰু নিফটিৰ লাভৰ নেতৃত্বত আছে স্বাস্থ্যসেৱা আৰু ফাৰ্মা ষ্টক। ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ নিম্নস্তৰত ক্ৰয় কৰাৰ বাবে শ্বেয়াৰ বজাৰত বৃদ্ধিৰ পৰিৱেশৰ সৃষ্টি হৈছিল। ভাৰতী এয়াৰটেলৰ শ্বেয়াৰত সৰ্বাধিক ৪.৪০ শতাংশ বৃদ্ধিৰে বন্ধ হয়। ছান ফাৰ্মাৰ শ্বেয়াৰ ২.৯১ শতাংশ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ ২.৪৫ শতাংশ, আল্ট্ৰাটেক চিমেণ্টৰ ১.৭৮ শতাংশ, আদানি প’ৰ্টছৰ ১.৬৬ শতাংশ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ১.৫৭ শতাংশ, লাৰ্ছন এণ্ড টৌব্ৰ’ৰ ১.৫৩ শতাংশ, জে এছ ডব্লিউ ষ্টীলৰ ১.২৫ শতাংশ, হিন্দুস্তান ইউনিলিভাৰৰ ১.১৯ শতাংশ, টাইটান ১.১৬ শতাংশ, টাটা মটৰৰ ১.০৭ শতাংশ শতাংশ, মাৰুতি চুজুকিৰ শ্বেয়াৰ ১.০২ শতাংশ বৃদ্ধিৰে বন্ধ হয় ।
ইয়াৰ উপৰিও আইচিআইচিআই বেংক, বাজাজ ফাইনেন্স, এছিয়ান পেইণ্টছ, টাটা ষ্টীল, এইচচিএল টেক, এনটিপিচি, বাজাজ ফিনচাৰ্ভ, আইটিচি, টিচিএছ, এক্সিছ বেংক, ইণ্ডুছইণ্ড বেংক, এইচডিএফচি বেংক, কোটাক মহিন্দ্ৰা বেংক আৰু টেক মহিন্দ্ৰাৰ শ্বেয়াৰ উত্থানৰ সৈতে সেউজ চিনত বন্ধ হৈ পৰে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত ব্যাপক পতন ঘটিছিল। চেন্সেক্সে ১১৯০.৩৪ পইণ্ট হ্ৰাস পাই ৭৯,০৪৩.৭৪ আৰু নিফ্টীয়ে ৩৬০.৭৫ পইণ্ট হ্ৰাস পাই ২৩,৯১৪.১৫ পইণ্টত বন্ধ হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া