ঘৰুৱা অলংকাৰ বজাৰত পুনৰ ৰূপৰ দৰ উৰ্ধগামী
- চেন্নাইত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১৪,২০০ টকালৈ বৃদ্ধি নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত ৰূপৰ মূল্য বৃদ্ধি পাইছে। দেশৰ বিভিন্ন অলংকাৰ বজাৰত ৰূপৰ মূল্য ৫,০০০ টকাৰ পৰা ১৪,২০০ টকালৈ বৃদ্ধি পাইছে। এই মূল্যৰ উত্থানে চেন্নাই আৰ
प्रतीकात्मक


- চেন্নাইত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১৪,২০০ টকালৈ বৃদ্ধি

নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত ৰূপৰ মূল্য বৃদ্ধি পাইছে। দেশৰ বিভিন্ন অলংকাৰ বজাৰত ৰূপৰ মূল্য ৫,০০০ টকাৰ পৰা ১৪,২০০ টকালৈ বৃদ্ধি পাইছে। এই মূল্যৰ উত্থানে চেন্নাই আৰু হায়দৰাবাদত প্ৰতি কিলোগ্ৰামৰ ২,৭৫০,০০০ টকাৰ সৰ্বকালৰ সৰ্বোচ্চ মূল্যৰ কাষ চাপিছে এই চিকচিকিয়া ধাতু বিধ । দেশৰ বিভিন্ন অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰাম প্ৰতি কিলোগ্ৰাম ৰূপ ২,৫২,৯০০ টকাৰ পৰা ২,৭১,১০০ টকালৈকে বিক্ৰী কৰি আছে ।

দিল্লীৰ অলংকাৰ বজাৰত ৰূপৰ মূল্য ৫ হাজাৰ টকা বৃদ্ধিৰ বাবে আজি এই চিকচিকিয়া ধাতুৰ মূল্য প্ৰতি কিলোগ্ৰামত ২,৫৩,১০০ টকা হয়গৈ। একেদৰে মুম্বাই, আহমেদাবাদ আৰু কলকাতাতো প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ২,৫২,৯০০ ₹। জয়পুৰ, চুৰাট, আৰু পুনেত প্ৰতি কিলোগ্ৰামত ইয়াৰ মূল্য ২,৫৩,২০০ ₹ হৈয়েই আছে। বেংগালুৰুত ৰূপৰ মূল্য ২,৫৩,৪০০ ₹, আৰু পাটনা আৰু ভুৱনেশ্বৰত প্ৰতি কিলোগ্ৰামৰ মূল্য ২,৫৩,০০০ ₹।

ইয়াৰ উপৰিও হায়দৰাবাদত ৰূপ ১৪,১০০ ₹ বৃদ্ধি পাই প্ৰতি কিলোগ্ৰাম ২,৭০,৯০০ ₹ ত বিক্ৰী হৈছে। দেশৰ ভিতৰতে ৰূপৰ সৰ্বোচ্চ মূল্য চেন্নাইত আছে, য’ত চিকচিকিয়া ধাতুটোৱে ১৪,২০০ টকা বৃদ্ধি পাই প্ৰতি কিলোগ্ৰাম ২,৭১,১০০ ₹ হৈছেগৈ। মন কৰিবলগীয়া যে বিগত ১০ দিনত ৰূপৰ মূল্যৰ যথেষ্ট উঠা-নমা হৈছে। চেন্নাইত এই চিকচিকিয়া ধাতুটোৱে ২৮ ডিচেম্বৰত প্ৰতি কিলোগ্ৰামত ২,৭৫,০০০ ₹ৰ শীৰ্ষ স্তৰত উপনীত হয়। এই উচ্চতাৰ পৰা ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ২,৫৪,৯০০ ₹লৈ হ্ৰাস পাইছে যদিও আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত উত্তেজনাই চিকচিকিয়া ধাতুটোক শিখৰৰ অতি ওচৰলৈ লৈ গৈছে।

বজাৰ বিশেষজ্ঞসকলে কয় যে ৰূপৰ মূল্যৰ উৰ্ধমুখী ধাৰা অহা কেইদিনমানলৈও অব্যাহত থকাৰ সম্ভাৱনা আছে। টিএনভি ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ তৰ্কেশ্বৰ নাথ বৈষ্ণৱৰ মতে, আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত উত্তেজনা আৰু গ্ৰীণলেণ্ড সন্দৰ্ভত ড’নাল্ড ট্ৰাম্পৰ ভাবুকিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰূপৰ মূল্যৰ একত্ৰীকৰণ বন্ধ হৈ পৰিছে। বিনিয়োগকাৰীয়ে লাভ বুকিং ত্যাগ কৰি সোণ আৰু ৰূপত আগ্ৰহ দেখুওৱাবলৈ আৰম্ভ কৰিছে, যাৰ ফলত কেইদিনমানৰ ভিতৰতে এই দুয়োটা চিকচিকিয়া ধাতুৰ মূল্য বৃদ্ধি পাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande