এছ বি আইৰ এ টি এম ৰক্ষণাবেক্ষণৰ বাবে চি এম এছে লাভ কৰে ১০০০ কোটি টকাৰ ঠিকা
মুম্বাই, ০৭ জানুৱাৰী (হি.স.)। নগদ ধন ব্যৱস্থাপনা কেন্দ্ৰিক চিএমএছ ইনফ’ চিষ্টেমে ৫ হাজাৰ অটোমেটেড টেলাৰ মেচিন (এটিএম) ৰক্ষণাবেক্ষণৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ পৰা ১০০০ কোটি টকাৰ ঠিকা চুক্তি লাভ কৰিছে। এই চুক্তি ১০ বছৰৰ বাবে আৰু এয়া ১ জানুৱাৰীৰ পৰা কাৰ
एसबीआई के एटीएम का प्रतीकात्‍मक चित्र


মুম্বাই, ০৭ জানুৱাৰী (হি.স.)। নগদ ধন ব্যৱস্থাপনা কেন্দ্ৰিক চিএমএছ ইনফ’ চিষ্টেমে ৫ হাজাৰ অটোমেটেড টেলাৰ মেচিন (এটিএম) ৰক্ষণাবেক্ষণৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ পৰা ১০০০ কোটি টকাৰ ঠিকা চুক্তি লাভ কৰিছে। এই চুক্তি ১০ বছৰৰ বাবে আৰু এয়া ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে।

বুধবাৰে চি এম এছ ইনফ’ চিষ্টেমে এছ বি আইৰ ৫ হাজাৰ অটোমেটেড টেলাৰ মেচিন (এ টি এম)ৰ ৰক্ষণাবেক্ষণৰ বাবে ১০০০ কোটি টকাৰ চুক্তি লাভ কৰা বুলি ঘোষণা কৰে। ইয়াৰ ভিতৰত পৰিচালিত সেৱা, উন্নত নগদ ধনৰ দক্ষতা আৰু বৰ্ধিত এটিএমৰ কাৰ্য্যক্ষমতা অন্তৰ্ভুক্ত, যিয়ে লাখ লাখ বেংক গ্ৰাহকক উপকৃত কৰিব।

চিএমএছ ইনফ’ চিষ্টেমছৰ কেছ লজিষ্টিকছৰ মুখ্য ব্যৱসায়িক বিষয়া অনুষ ৰাঘৱনে কয় যে এই চুক্তিৰ ফলত অতিৰিক্ত ৫০০ কোটি টকাৰ ৰাজহ লাভ কৰিব। তেওঁ কয় যে এই দীৰ্ঘম্যাদী চুক্তিয়ে লাখ লাখ গ্ৰাহকক নিৰৱচ্ছিন্ন স্ব-সেৱা বেংকিং, স্থিতিশীলতা আৰু উচ্চমানৰ সেৱা প্ৰদান কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande