নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ কোম্পানী ষ্টীল অথৰিটি অৱ ইণ্ডিয়া লিমিটেড (এছ এ আই এল) আৰু জন ককাৰিল ইণ্ডিয়া লিমিটেডে (জে চি আই এল) একগোট হৈ উদ্ভাৱন আৰু সেউজ ষ্টীল প্ৰযুক্তিৰ প্ৰসাৰ ঘটোৱাৰ প্ৰচেষ্টা চলাইছে। ইয়াৰ বাবে ছেইল আৰু জেচিআইএলে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।
শুকুৰবাৰে তীখা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে ছেইলৰ সঞ্চালক (বিত্ত), জন ককাৰিল ইণ্ডিয়া লিমিটেডৰ মেটালছ বিভাগৰ পৰিচালন সঞ্চালক মাইকেল কোটাছে। এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে অত্যাধুনিক প্ৰযুক্তি, বিস্তৃত উদ্যোগ বিশেষজ্ঞতা আৰু উদ্ভাৱন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত ভাগ-বতৰা কৰা পদ্ধতিকে ধৰি দুয়োটা কোম্পানীৰে সংযুক্ত শক্তিৰ সুবিধা গ্ৰহণ কৰা। কাৰ্বন ষ্টীল, সেউজীয়া ষ্টীল আৰু চিলিকন ষ্টীল (বিশেষকৈ চি আৰ জি অ'-কল্ড ৰোল্ড গ্ৰেইন অৰিয়েণ্টেড আৰু চি আৰ এন অ'-কল্ড ৰোলিং নন-অৰিয়েণ্টেড ষ্টীল)ৰ কল্ড ৰোলিং আৰু প্ৰচেছিঙৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে লোহা আৰু তীখা উৎপাদন প্ৰক্ৰিয়াত সেউজ প্ৰযুক্তি সংযুক্ত কৰা আৰু উন্নত তীখা নিৰ্মাণ প্ৰযুক্তি অন্তৰ্ভুক্ত কৰি দক্ষতা আৰু বহনক্ষমতাক প্ৰসাৰ কৰা।
মন্ত্ৰালয়ে কয় যে উন্নত, বহনক্ষম প্ৰযুক্তি গ্ৰহণ কৰি পৰম্পৰাগত লোহা আৰু তীখা নিৰ্মাণ পদ্ধতিক ৰূপান্তৰিত কৰিবলৈ চেইল প্ৰতিশ্ৰুতিবদ্ধ। তীখা মন্ত্ৰালয়ৰ মতে, কাৰ্বন নিৰ্গমন হ্ৰাস আৰু সম্পদৰ কাৰ্যক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি গতিশীল বজাৰৰ পৰিৱৰ্তিত চাহিদাৰ সৈতে ছেইলে নিজৰ পৰিচালনা প্ৰক্ৰিয়াক একাকাৰ কৰি ৰাখিছে। এই প্ৰচেষ্টাসমূহ সেউজীয়া আৰু অধিক বহনক্ষম ভৱিষ্যতৰ বাবে অৰিহণা যোগোৱাৰ লক্ষ্যৰে কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া