নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক লৈ কৰা মন্তব্যক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে বৈদেশিক মন্ত্ৰালয়ে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে এনে বক্তব্য দুয়োখন দেশৰ আন্তৰিক আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কৰ অনুকূল নহয়।
সাপ্তাহিক সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালক লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে তুলনা কৰাৰ সমান্তৰালকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ‘স্মৃতিভ্ৰংশ’ৰ কথা কোৱাৰ ওপৰত প্ৰশ্ন কৰা হয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে ভাৰত আৰু আমেৰিকা বহুমাত্ৰিক অংশীদাৰ। দুয়োখন দেশৰ এই সম্পৰ্ক অটলতা, সংহতি আৰু দুয়োপক্ষৰ পাৰস্পৰিক সন্মান আৰু দায়বদ্ধতাৰ ওপৰত গঢ় লৈ উঠিছে। এনে বক্তব্যই ভাৰতৰ স্থিতি প্ৰতিনিধিত্ব নকৰে।
উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ আমৰাৱতীত প্ৰধানমন্ত্ৰী মোডীৰ ওপৰত মন্তব্য কৰাৰ সময়ত ৰাহুল গান্ধীয়ে তেওঁক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে তুলনা কৰিছিল। এইখিনিতে তেওঁ কৈছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মাজে মাজে পাহৰি যায়, তেওঁক পিছফালৰ পৰা সোঁৱৰাই দিব লাগিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আহিল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ক’লে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আহিছে। তেওঁৰ স্মৃতিশক্তি হেৰুৱাইছে, একেদৰে আমাৰ প্ৰধানমন্ত্ৰীৰো স্মৃতিশক্তি হেৰুৱাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া