নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিক (জুলাই-ছেপ্টেম্বৰ)ত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ ৫.৪ শতাংশলৈ হ্ৰাস পাইছে। যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৮.১ শতাংশ হোৱাৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ৬.৭ শতাংশ আছিল। যোৱা সাতটা ত্ৰৈমাসিকৰ এই বৃদ্ধিৰ সংখ্যা আটাইতকৈ লেহেমীয়া।
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা তথ্যত কয় যে উৎপাদন খণ্ডৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৫.৪ শতাংশলৈ হ্ৰাস পাইছে। অৱশ্যে ভাৰতবৰ্ষই সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হৈয়ে আছে। চলিত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত চীনৰ জিডিপি বৃদ্ধি ৪.৬ শতাংশ হোৱাৰ বিপৰীতে জাপানৰ জিডিপি ০.৯ শতাংশ হাৰত বৃদ্ধি পাইছে।
ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত কৃষি খণ্ডত ৩.৫ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ১.৭ শতাংশ বৃদ্ধি পাইছে। দ্বিতীয় ত্ৰৈমাসিকৰ সময়ছোৱাত উৎপাদন খণ্ডৰ বৃদ্ধিৰ হাৰ ২.২ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ১৪.৩ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছিল।
এন এছ অ’ই দ্বিতীয় ত্ৰৈমাসিকৰ জিডিপিৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ প্ৰথমাৰ্ধত জিডিপি বৃদ্ধিৰ হাৰ ছয় শতাংশ বুলি অনুমান কৰা হৈছে। যোৱা বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত জিডিপি বৃদ্ধিৰ হাৰ আছিল ৮.২ শতাংশ। ইয়াৰ পূৰ্বে ২০২২-২৩ বিত্তীয় বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত জিডিপি বৃদ্ধি ৪.৩ শতাংশ। যোৱা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত এই হাৰ আছিল ৮.১ শতাংশ। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৭.২ শতাংশ বুলি অনুমান কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া