ধুবুৰী, ২০ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ বালাজানত মঙলবাৰে নিশা কাঠভৰ্ত্তি বাহন এখন জব্দ কৰা হয়। বন বিভাগৰ পৰিৱৰ্তে অসম আৰক্ষীয়ে জব্দ কৰে চোৰাং কাঠ।
গৌৰীপুৰৰ পৰা পশ্চিমবংগলৈ মূল্যবান কাঠৰ কুণ্ডা ভৰ্ত্তি ডব্লিউবি ৬৩ এ ৩৫৬০ নম্বৰৰ বহনখন জব্দ কৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বালাজান আৰক্ষীয়ে। পিছত আৰক্ষিয়ে বাহন খনক গৌৰীপুৰ খণ্ড বন বিষয়াৰ কাৰ্যলয়ত চমজাই দিয়ে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰত্যেক দিনে অসমৰ মূল্যবান গছৰ কুণ্ডা সৰ্বৰাহ হয় পশ্চিম বংগলৈ। এইক্ষেত্ৰত সম্পুৰ্ণ নিৰৱ ভূমিকা লৈ আহিছে ধুবুৰী আৰু পৰ্বতঝোৰা বন সংমণ্ডলে। শেহতীয়া ঘটনাৰ পাছত ধুবুৰী বন সংমণ্ডল বিষয়া গৰাকীক অনতিপলমে স্থানন্তৰ কৰাৰ দাবী তুলিছে দল সংগঠনে। অন্যথা আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ