শিৱসাগৰ, ২০ নৱেম্বৰ (হি.স.)। শিৱসাগৰৰ দিখৌমুখত কৃষি বিপ্লৱৰ সূচনা কৰা হৈছে। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক কৃষিকৰ্মৰে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এজন শিক্ষিত যুৱকে। দিখৌমুখ খৰাধৰাৰ যুৱক দিগন্ত বৰাই দিখৌ নদীৰ পলসুৱা মাটিত কৃষিকৰ্মৰে দাঙি ধৰিছে নিদৰ্শন।
পিতৃৰ আদৰ্শৰে বাট বুলি কলেজত অধ্যয়ন কৰি থকা অৱস্থাৰে পৰা চাকৰিমুখী নহৈ মগ্ন হয় কৃষিকৰ্মত। জাতিলাও, টিয়হ, ৰঙালাও, ফ্ৰেন্সবিন, মূলা, ধনীয়া, আলু খেতিৰে মাহে লক্ষাধিক টকা উপাৰ্জন কৰে আদৰ্শ কৃষক দিগন্ত বৰাই। কৃষিকৰ্মৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা দিগন্ত বৰা শিক্ষিত যুৱকসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা