চুৰিৰ গোচৰত আটক আছুৰ ছাত্ৰ নেতা
গুৱাহাটী, ১৯ নৱেম্বৰ (হি.স.)। গুৱাহাটীৰ সোণপুৰ আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ এজন ছাত্ৰ নেতাক চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তজন কামৰূপ জিলাৰ ছাত্ৰ সংগঠন আছুৰ উপদেষ্টা বুলি জানিব পৰা গৈছে। মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, সোণপুৰৰ সৰুটাৰী অঞ্চলত
চুৰিৰ গোচৰত আটক আছুৰ ছাত্ৰ নেতা


গুৱাহাটী, ১৯ নৱেম্বৰ (হি.স.)। গুৱাহাটীৰ সোণপুৰ আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ এজন ছাত্ৰ নেতাক চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তজন কামৰূপ জিলাৰ ছাত্ৰ সংগঠন আছুৰ উপদেষ্টা বুলি জানিব পৰা গৈছে।

মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, সোণপুৰৰ সৰুটাৰী অঞ্চলত ৰে’ল লাইনৰ কামৰ বাবে ব্যৱহাৰ কৰা মিক্সিং মেচিন ৭ নৱেম্বৰত দিনদুপৰতে চুৰি হৈছিল। এই ঘটনা সন্দৰ্ভত সোণপুৰ থানাত মেচিনৰ মালিকে এফআইআৰ দাখিল কৰে।

চুৰিৰ এফআইআৰ ৰুজু কৰাৰ পিছত কামৰূপ (গ্ৰাম্য) জিলা আৰক্ষীৰ সহযোগত সোণপুৰ আৰক্ষীয়ে ৰঙিয়াৰ কমলপুৰ অঞ্চলত অৱস্থিত ভঙাছিগা সামগ্ৰীৰ দোকানৰ পৰা মেচিনটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ হোৱা মেচিনটো এএছ ০১ এনচি ৪৯১৪ নম্বৰৰ এখন বাহনত পৰিবহণ কৰা হৈছিল।

মেচিন চুৰিৰ গোচৰত আছুৰ ছাত্ৰ নেতা আনোৱাৰ খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে পঞ্জীয়ন হোৱা এফ আই আৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাত্ৰ নেতাজনক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande