সীতাৰমণে কয়- উন্নয়নৰ পথত আগবাঢ়ি যাবলৈ ভাৰত সাজু
নিউয়ৰ্ক/নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে কয় যে ভাৰত উন্নয়নৰ পথত আগবাঢ়ি যাবলৈ সাজু। বৰ্তমান ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে অনুমা
নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ


নিউয়ৰ্ক/নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে কয় যে ভাৰত উন্নয়নৰ পথত আগবাঢ়ি যাবলৈ সাজু। বৰ্তমান ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে অনুমান কৰিছে যে ২০২৭ চনৰ ভিতৰত ই তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব।

সীতাৰমনে কয় যে আগন্তুক পাঁচ বছৰত বিশ্বৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ অৱদান ২০০ বেচিছ পইণ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। মঙলবাৰে বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত ‘ভাৰতত বিনিয়োগৰ সুযোগৰ ওপৰত গোলমেজ সন্মিলন’ ভাষণ দি এই কথা কয়। ভাষণত বিত্তমন্ত্ৰীয়ে ভাৰতৰ উদ্যোগসমূহৰ বাবে সহজ-সৰল ব্যৱসায়ৰ পৰিমাপ উন্নত কৰা আৰু নিয়ন্ত্ৰণ আৰু অনুসৰণৰ বোজা হ্ৰাস কৰাটো নতুন দিল্লীৰ নীতিৰ মূল শিলাস্তম্ভ বুলি অভিহিত কৰে।

নিউয়ৰ্কৰ বিশ্বৰ সৰ্ববৃহৎ ষ্টক এক্সচেঞ্জত নিউয়ৰ্ক ষ্টক এক্সচেঞ্জৰ অধ্যক্ষ লিন মাৰ্টিনে আতিথ্য প্ৰদান কৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনক। এই উপলক্ষে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঐতিহাসিক স্থান পৰিদৰ্শন কৰি আইকনিক নীলা জেকেট পিন্ধা এজন ফ্ল'ৰ অপাৰেটৰৰ সৈতে মত বিনিময় কৰে যিয়ে তেওঁক নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত ব্যৱসায়ৰ দিশসমূহৰ বিষয়ে অৱগত কৰে আৰু লগতে তেওঁক ষ্টক এক্সচেঞ্জত ব্যৱসায় কৰা ১১টা ভাৰতীয় কোম্পানী দেখুৱায় ৷ ইয়াৰ বাবে বিত্তমন্ত্ৰীয়ে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ভ্ৰমণৰ বাবে লিন মাৰ্টিন আৰু তেওঁৰ দলটোক ধন্যবাদ জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande