গহণা বজাৰত সোণৰ চমক বৃদ্ধি, ৰূপৰ মূল্যও এক লাখ টকা অতিক্ৰম
নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। আজি আকৌ এবাৰ ঘৰুৱা গহণা বজাৰত দেখা গৈছে উত্থানৰ ধাৰা । আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ২৫০ টকা বৃদ্ধি পাইছে। একেদৰে আজি ৰূপে জপিয়াই এক লাখ টকাৰ স্তৰ অতিক্ৰম কৰিছে। সোণৰ মূল্য বৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ বুলিয়ন বজ
সোণ আৰু ৰূপ


নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। আজি আকৌ এবাৰ ঘৰুৱা গহণা বজাৰত দেখা গৈছে উত্থানৰ ধাৰা । আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ২৫০ টকা বৃদ্ধি পাইছে। একেদৰে আজি ৰূপে জপিয়াই এক লাখ টকাৰ স্তৰ অতিক্ৰম কৰিছে। সোণৰ মূল্য বৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰতে ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৯,৮০০ টকাৰ পৰা ৭৯,৬৫০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ ৭৩ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰি প্ৰতি ১০ গ্ৰামত ৭৩,১৬০ টকাৰ পৰা ৭৩,০১০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। আজি ৰূপৰ মূল্যও ১৭০০ টকাকৈ জপিয়াই উঠিছে গহণা বজাৰত। এই বৃদ্ধিৰ বাবে আজি দিল্লীৰ গহণা ৰ বজাৰত প্ৰতি কেজিত ৰূপ ১,০১,১০০ টকাৰ স্তৰত আছে।

দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭৯,৮০০টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ৭৩,১৬০ টকা প্ৰতি ১০ গ্ৰাম। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৬৫০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৩,০১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭৯,৭০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭২,০৬০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৬৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৩,০১০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৯,৬৫০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৩,০১০ টকা।

আজি লক্ষ্ণৌৰ গহণা বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৮০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৩,১৬০ টকাৰ স্তৰত বিক্ৰী হৈছে। একে সময়তে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৯,৭০০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৩,০৬০ টকাৰ স্তৰত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৮০০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৩,১৬০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ গহণা বজাৰত বৃদ্ধিৰ বাবে সোণৰ মূল্য ব্যয়বহুল হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৭৯,৬৫০ টকা। একেদৰে এই তিনিখন চহৰৰ গহণা বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৩,০১০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande