মৰিগাওঁ, ১৬ অক্টোবৰ (হি.স.): মৰিগাঁও দিৱসৰ সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত হাৰ্টথ্ৰব জুবিন গাৰ্গে পৰিবেশন কৰে ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াত জুবিনৰ অনুৰোধ মৰ্মে একেলগে গীত গালে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। মৰিগাঁও জিলা দিৱসত তৃতীয় বাৰৰ বাবে গীত পৰিৱেশন কৰি আপ্লুত হৈ পৰে জুবিন গাৰ্গ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ