সৰুপথাৰত অডিঅ' গীত উন্মোচন 
সৰুপথাৰত অডিঅ' গীত উন্মোচন ।
গীত


গোলাঘাট, ২১ ডিচেম্বৰ (হি.স.): সৰুপথাৰ সম জিলাৰ অন্তৰ্গত বৰপথাৰত শুকুৰবাৰে সন্ধিয়া এটা অডিঅ' গীত উন্মোচন কৰা হয়। গীতটোত কন্ঠদান কৰিছে বৰপথাৰৰে উদীয়মান শিল্পী চন্দন চলিহাই । গীতৰ কথা আৰু সুৰ চন্দনৰ । গীতটোৰ শুভ উন্মোচন কৰে বৰপথাৰ অঞ্চলৰ বিশিষ্ট সংগীত শিল্পী ,গীতিকাৰ,কবি তাপস প্ৰতীম বৰাই ।

লগতে অনুষ্ঠানত উপস্থিত থাকে উদীয়মান চাহ জনগোষ্ঠীৰ শিল্পী মহেশ্বৰ গোৱালা । পেছাত পাচলি ব্যৱসায় কৰা চন্দনে ২০১৭ বৰ্ষৰ পৰাই পাচলি ব্যৱসায়ৰ লগতে সংগীত সাধনা কৰি বিগত সময়ছোৱাত বহু কেইটা অডিঅ' গীত নিৰ্মান কৰি ৰাইজৰ পৰা যথেষ্ট মৰম বুটলিবলৈ সক্ষম হৈছে । এইবাৰো তেওঁ পাচলি ব্যৱসায় কৰি পোৱা লাভৰ টকাৰে পৰিয়াল পোহপাল দিয়াৰ লগতে সাধাৰণ জনতা শীৰ্ষক গীতটো উন্মোচন কৰি অসমবাসীৰ পৰা মৰম বিছাৰিছে আৰু গীতটো আদৰি ল'বৰ বাবে অনুৰোধ জনাইছে চন্দনে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande