মৰিগাঁও, ১৪ অক্টোবৰ (হি.স.)। মৰিগাঁও জিলাৰ জেলৰ পৰা যোৱা বৃহস্পতিবাৰে নিশা পলায়ন কৰা আব্দুল ৰছিদ নামৰ কয়দীজনৰ মৃতদেহটো লাহৰীঘাটৰ দেৱাগুৰি অঞ্চলৰ নিজৰা বিলত উদ্ধাৰ কৰা হৈছে। পক্সো আইনৰ গোচৰত অভিযুক্ত আব্দুল ৰছিদক সোমবাৰে পুৱাতে স্থানীয় মাছমৰীয়াই উদ্বাৰ কৰে। পিছত ঘটনাস্থলীত লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষী উপস্থিত হৈ স্থানীয় দণ্ডাধীশৰ উপস্থিতিত বিলৰ মাজৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।
উল্লেখ্য যে ৪-৫ মাহ পূৰ্বে ধৰ্ষণ কাণ্ডত অভিযুক্ত আব্দুল ৰছিদ মৰিগাঁও জিলাৰ মাণিপুৰৰ জেলত আছিল। আৰক্ষীয়ে পলাতক আব্দুল ৰছিদক বিচাৰি বিগত তিনি দিন ধৰি অভিযান অব্যাহত ৰাখিছিল। উল্লেখ্য যে বৃহস্পতিবাৰে নিশা জেলৰ পৰা পক্সো গোচৰত অভিযুক্ত ৫ জনকৈ কয়দীয়ে পলায়ন কৰিছিল। তাৰে ভিতৰত ৪ জন এই পৰ্যন্ত পলাতক অৱস্থাত আছে। মৃত আব্দুল ৰছিদৰ ঘৰ দেৱাগুৰি গাঁৱত। পলাতক লোকজনৰ মৃতদেহ বিলত উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে মৃতলোকজনৰ ঘৰত এতিয়া এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar