ভাইচ এডমিৰেল আৰতি ছাৰিনৰ সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে
নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। পহিলা অক্টোবৰত সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছে চাৰ্জন ভাইচ এডমিৰেল আৰতি ছাৰিনে। এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা বিষয়া। সশস্ত্ৰ বাহিনীৰ সৈতে জড়িত সামগ্ৰিক চিকিৎসা নীতিৰ বিষয়স
মঙলবাৰে ডিজিএএফএমএছৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে চাৰ্জন ভাইচ এডমিৰেল আৰতি ছাৰিনে


নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। পহিলা অক্টোবৰত সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছে চাৰ্জন ভাইচ এডমিৰেল আৰতি ছাৰিনে। এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা বিষয়া। সশস্ত্ৰ বাহিনীৰ সৈতে জড়িত সামগ্ৰিক চিকিৎসা নীতিৰ বিষয়সমূহৰ বাবে ডিজিএএফএমএছ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতি প্ৰত্যক্ষভাৱে দায়বদ্ধ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, ৪৬ নং ডি জি এ এফ এম এছ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে পতাকা বিষয়াগৰাকীয়ে ডি জি মেডিকেল চাৰ্ভিচেছ (নৌসেনা), ডি জি মেডিকেল চাৰ্ভিচেছ (এয়াৰ) আৰু পুনেৰ সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয় (এ এফ এম চি)ৰ সঞ্চালক আৰু কমাণ্ডেণ্টৰ সন্মানীয় পদত অধিষ্ঠিত আছিল। পুনেৰ এ এফ এম চিৰ প্ৰাক্তন ছাত্ৰীগৰাকীয়ে ১৯৮৫ চনৰ ডিচেম্বৰ মাহত সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱাত যোগদান কৰিছিল। তেওঁ পুনেৰ এ এফ এম চিৰ পৰা ৰেডিঅ’ডায়েগন’ছিছত এম ডি আৰু মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিতালৰ পৰা ৰেডিয়’ডাইগন’ছিছৰ নেশ্যনেল ব’ৰ্ড ডিপ্লমেট হিচাপে কাম কৰি আহিছে।

৩৮ বছৰীয়া সেৱাৰ সময়ছোৱাত পতাকা বিষয়াগৰাকীয়ে সেনা চিকিৎসালয় (আৰ এণ্ড আৰ) আৰু কমাণ্ড হাস্পতাল (দক্ষিণ কমাণ্ড)/এ এফ এম চি পুনেৰ ৰেডিয়চন অংক’লজীৰ অধ্যাপক আৰু মুৰব্বী, আই এন এইচ এছ অশ্বিনীৰ কমাণ্ডিং অফিচাৰ, চাউদাৰ্ণৰ কমাণ্ড মেডিকেল অফিচাৰ আৰু পশ্চিম নৌসেনাৰ আদেশ বিভিন্ন সন্মানীয় শৈক্ষিক আৰু প্ৰশাসনিক পদত কাম কৰি আহিছে। পতাকা বিষয়াগৰাকীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাতে সেৱা আগবঢ়োৱাৰ বিৰল গৌৰৱ লাভ কৰিছে। ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্টৰ পৰা কেপ্তেইনলৈকে, ভাৰতীয় নৌসেনাত চাৰ্জন লেফটেনেণ্টৰ পৰা চাৰ্জন ভাইচ এডমিৰেললৈকে আৰু ভাৰতীয় বায়ুসেনাত এয়াৰ মাৰ্শ্বাল হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে।

পৰম নিষ্ঠা আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে ৰোগীৰ যত্ন লোৱাৰ প্ৰতি তেওঁৰ নিষ্ঠাৰ স্বীকৃতি স্বৰূপে পতাকা বিষয়াগৰাকীক ২০২৪ চনত অতি বিষেষ্ঠ সেৱা পদক প্ৰদান কৰা হয়। ইয়াৰ পূর্বে ২০২১ চনত তেওঁ বিশিষ্ট সেৱা পদক লাভ কৰিছে৷ বিশিষ্ট সেৱাৰ বাবে সেনাবাহিনীৰ মুৰব্বী প্ৰশংসা (২০১৭), নৌসেনাৰ মুৰব্বী প্ৰশংসা (২০০১) আৰু জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ প্ৰশংসা (২০১৩) বঁটাও লাভ কৰিছে।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে চিকিৎসা পেছাদাৰীসকলৰ বাবে নিৰাপদ কৰ্ম পৰিস্থিতি আৰু প্ৰট’কল প্ৰণয়নৰ বাবে ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চৰ সদস্য হিচাপে নিযুক্তি দিছে পতাকা বিষয়াগৰাকীক। যুৱতীসকলক সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে অনুপ্ৰাণিত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে আৰু সেয়েহে চৰকাৰৰ নাৰী শক্তিৰ পদক্ষেপৰ বাবে এগৰাকী মহান আইকন।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande