কেৰিবিয়ানৰ দেশ ট্ৰিনিদাদ আৰু ট’বাগোত নিৰ্মাণ হ’ব এটা ভৱ্য ৰাম লালা মন্দিৰ
অযোধ্যা, ১৮ ডিচেম্বৰ (হি.স.)। অযোধ্যাৰ পিছত দক্ষিণ কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ ট্ৰিনিদাদ এণ্ড ট’বাগোত মিনি অযোধ্যাৰ ৰূপত নিৰ্মাণ কৰা হ’ব এটা ভৱ্য ৰাম মন্দিৰ । এই তথ্য সংবাদ মাধ্যমক দিছিল জয়পুৰ ফুট ইউ এছ এৰ অধ্যক্ষ তথা প্ৰবাসী ভাৰতীয় প্ৰেম ভাণ্ডাৰীয়
কেৰিবিয়ানৰ দেশ ট্ৰিনিদাদ আৰু ট’বাগোত নিৰ্মাণ হ’ব এটা ভৱ্য ৰাম লালা মন্দিৰ


অযোধ্যা, ১৮ ডিচেম্বৰ (হি.স.)। অযোধ্যাৰ পিছত দক্ষিণ কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ ট্ৰিনিদাদ এণ্ড ট’বাগোত মিনি অযোধ্যাৰ ৰূপত নিৰ্মাণ কৰা হ’ব এটা ভৱ্য ৰাম মন্দিৰ । এই তথ্য সংবাদ মাধ্যমক দিছিল জয়পুৰ ফুট ইউ এছ এৰ অধ্যক্ষ তথা প্ৰবাসী ভাৰতীয় প্ৰেম ভাণ্ডাৰীয়ে।

বৃহস্পতিবাৰে প্ৰবাসী ভাৰতীয় প্ৰেম ভাণ্ডাৰী অযোধ্যাত উপস্থিত হৈ ৰাম লালাক প্ৰণাম জনায়। তেওঁ উল্লেখ কৰে যে ত্ৰিনিদাদত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰত অযোধ্যাৰ মন্দিৰৰ সৈতে মিল থকা মূৰ্তি থাকিব। ইতিমধ্যে ভগৱান শ্ৰীৰামৰ মূৰ্তি তাত উপস্থিত হৈছে। তেওঁ কয় যে এই মন্দিৰটোৱে উত্তৰ আমেৰিকা আৰু কেৰিবিয়ানত বাস কৰা ৰামভক্তসকলৰ বাবে আধ্যাত্মিক কেন্দ্ৰ হিচাপে কাম কৰিব। স্থানীয় চৰকাৰৰ সহযোগত নিৰ্মাণ প্ৰকল্পটো সম্পন্ন কৰা হ’ব, য’ত প্ৰায় ৪০টা হিন্দু সংগঠনে অংশগ্ৰহণ কৰিব। ভাৰতীয় সংস্কৃতি আৰু সনাতন পৰম্পৰাক বিশ্বব্যাপী স্বীকৃতি দিয়াৰ উদ্দেশ্যে মন্দিৰ পৰিসৰ মিনি অযোধ্যা হিচাপে গঢ়ি তোলা হ'ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande