নেপালৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৫, তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা
কাঠমাণ্ডু, ০১ অক্টোবৰ (হি.স.)। নেপালত ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ ফলত জীৱন আৰু সা-সম্পত্তিৰ ক্ষতিৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। যোৱা তিনিদিনত এই দুৰ্যোগৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২২৫ জনলৈ বৃদ্ধি পায়। বানপীড়িত জিলাসমূহত সংযোগ স্থাপন হোৱাৰ ল
নেপাল চৰকাৰৰ কেবিনেট বৈঠক


কাঠমাণ্ডু, ০১ অক্টোবৰ (হি.স.)। নেপালত ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ ফলত জীৱন আৰু সা-সম্পত্তিৰ ক্ষতিৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। যোৱা তিনিদিনত এই দুৰ্যোগৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২২৫ জনলৈ বৃদ্ধি পায়। বানপীড়িত জিলাসমূহত সংযোগ স্থাপন হোৱাৰ লগে লগে নিৰুদ্দেশ আৰু মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়াও শ শ লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

ইফালে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আমেৰিকাৰ পৰা উভতি অহাৰ লগে লগে কেবিনেট বৈঠকত বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। সোমবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত দেশত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। চৰকাৰৰ মুখপাত্ৰ পৃথ্বী চুব্বা গুৰুঙে কয় যে মঙলবাৰৰ পৰা তিনিদিন ধৰি ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় শোক সত্ত্বেও চৰকাৰী বন্ধ দিয়া নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিছে।

কেবিনেট বৈঠকত মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্তও লোৱা হৈছে। চৰকাৰী মুখপাত্ৰই জনোৱা মতে, ফেডাৰেল চৰকাৰে মৃতকৰ প্ৰতিটো পৰিয়ালক ২ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আহত লোকসকলৰ চিকিৎসাৰ সমগ্ৰ খৰচ চৰকাৰে বহন কৰিব বুলিও ঘোষণা কৰা হৈছে।

নেপাল চৰকাৰে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিলৈ সহায়ৰ বাবে আবেদন জনাইছে। কেবিনেট বৈঠকত এই পুঁজিলৈ ১০০০ কোটি টকা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিলৈ বৰঙণি আগবঢ়াবলৈ ভাৰত আৰু বিদেশৰ দাতাসকলক চৰকাৰে আহ্বান জনাইছে। নেপাল চৰকাৰৰ সকলো মন্ত্ৰীৰ এমাহৰ দৰমহাও এই পুঁজিলৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande