পাকিস্তানত দেশদ্ৰোহ আইন বিলুপ্ত
লাহোৰ, ৩১ মাৰ্চ (হি.স.)। পাকিস্তানৰ লাহোৰ উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক সিদ্ধান্ত মৰ্মে দেশদ্ৰোহ আইন
pokistan flag


লাহোৰ, ৩১ মাৰ্চ (হি.স.)। পাকিস্তানৰ লাহোৰ উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক সিদ্ধান্ত মৰ্মে দেশদ্ৰোহ আইন বাতিল কৰে। কালি (বৃহস্পতিবাৰে) লাহোৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শ্বাহিদ কৰিমে দেশদ্ৰোহৰ সৈতে জড়িত পাকিস্তান দণ্ডবিধিৰ ১২৪-এ ধাৰা বাতিল কৰে। দেশৰ বহু নাগৰিকে এই আইনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল। এই লোকসকলে দেশদ্ৰোহ আইনখনক প্ৰত্যাহ্বান জনাইছিল যে চৰকাৰে বিৰোধীৰ বিৰুদ্ধে এই আইনখন ব্যৱহাৰ কৰিছিল।

মন কৰিবলগীয়া যে দেশদ্ৰোহৰ আইন বিলুপ্ত কৰাৰ সিদ্ধান্ত দিয়া ন্যায়াধীশ কৰিমে ২০১৯ চনত পাকিস্তানৰ প্ৰাক্তন একনায়কত্ববাদী জেনেৰেল পাৰভেজ মুশ্বাৰফক দোষী সাব্যস্ত কৰি ২০০৭ চনত সংবিধান উলংঘা কৰাৰ অপৰাধত দেশদ্ৰোহৰ গোচৰত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ


 rajesh pande