ইৰাণৰ ৩ হাজাৰৰো অধিক আফগান শৰণাৰ্থীক বহিষ্কাৰ
তেহৰাণ, ২৭ জানুৱাৰী (হি.স.)। আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছত ইৰাণলৈ পলায়ন কৰা আফগান নাগৰিকস
afghan1_1


তেহৰাণ, ২৭ জানুৱাৰী (হি.স.)। আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছত ইৰাণলৈ পলায়ন কৰা আফগান নাগৰিকসকলে এতিয়া ইৰাণতো অসুবিধাৰ সন্মুখীন হৈছে। ইৰানে দেশৰ পৰা ৩ হাজাৰৰো অধিক আফগান শৰণাৰ্থীক বহিষ্কাৰ কৰিছে। বলপূৰ্বকভাৱে তেওঁলোকক আফগানিস্তানলৈ প্ৰেৰণ কৰা হৈছে।

আফগানিস্তানত তালিবানৰ হাতত ক্ষমতালৈ অহাৰ পিছত বহু সংখ্যক আফগান নাগৰিক পলায়ন কৰিছিল। ভয়াৱহ অৰ্থনৈতিক অৱস্থা আৰু কঠিন জীৱনৰ বাবে আফগানিস্তানৰ পৰা পলায়ন কৰা বৃহৎ সংখ্যক লোক ইৰাণলৈ যায়। অনুমান কৰা হৈছে যে বৰ্তমান আফগানিস্তানৰ ৪০ লাখতকৈ অধিক নাগৰিক ইৰাণত বাস কৰি আছে। ইৰাণে এই আফগান নাগৰিকসকলক নিজৰ দেশৰ বাবে বিপদ বুলি গণ্য কৰে। সেইবাবেই তেওঁলোকক দেশৰ পৰা বাহিৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ইৰাণৰ নাগৰিকক বলপূৰ্বকভাৱে আফগানিস্তানলৈ বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। যোৱা দুদিনৰ ভিতৰত ইৰাণ চৰকাৰে ইৰাণত অবৈধভাৱে বাস কৰাৰ অভিযোগত ৩১২৩জন আফগান নাগৰিকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত তেওঁলোকক ইছলাম কালা আৰু পুলে আব্ৰিছাম সীমান্তৰে আফগানিস্তানলৈ ঘূৰাই পঠিওৱা হয়। এই ঘটনাত আচৰিত হৈছে তালিবানৰ বিষয়াসকল।

এই কথা নিশ্চিত কৰি তালিবানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শৰণাৰ্থী আৰু প্ৰত্যাৱৰ্তন মন্ত্ৰালয়ৰ বিষয়াসকলে কয় যে ইৰাণত শৰণাৰ্থী হিচাপে বাস কৰা আফগান নাগৰিকসকল হেৰাট আৰু নিমৰুজ প্ৰদেশৰ সীমান্তৰে উভতি আহিছে। ইৰাণী কৰ্তৃপক্ষক আফগান শৰণাৰ্থীসকলৰ সৈতে ন্যায্য ব্যৱহাৰ কৰিবলৈও তালিবানে আবেদন জনাইছে।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/অৰৱিন্দ/মনোজ


 rajesh pande