কাবুল বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰীধাৰীক উপাচাৰ্য নিযুক্ত তালিবানৰ
-তালিবান চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত ৭০ জন শিক্ষকৰ পদত্যাগ কাবুল, ২৩ ছেপ্টেম্বৰ (হি.স.)। তালিবানে বু
কাবুল বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰীধাৰী উপাচাৰ্য 


-তালিবান চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত ৭০ জন শিক্ষকৰ পদত্যাগ

কাবুল, ২৩ ছেপ্টেম্বৰ (হি.স.)। তালিবানে বুধবাৰে কাবুল বিশ্ববিদ্যালয়ৰ ভিচি মহম্মদ ওচমান বাবুৰিৰ ঠাইত মহম্মদ আশ্ৰাফ গাইৰাটক নিযুক্তি দিছে। গাইৰাট কেৱল স্নাতক ডিগ্ৰী ধাৰীহে। পূৰ্বৱৰ্তী চৰকাৰত, গাইৰাটে শিক্ষা মন্ত্ৰালয়ত কাম কৰিছিল।

তালিবান চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত ৭০ জন শিক্ষকে পদত্যাগ কৰিছে। সাধাৰণ মানুহেও সামাজিক মাধ্যমৰ জৰিয়তে সিদ্ধান্তটোৰ তীব্ৰ বিৰোধিতা কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এজন অভিজ্ঞ শিক্ষক আৰু প্ৰশাসকৰ স্থানত বিএ পাছ নিযুক্তি দিয়াত লোকসকলে আপত্তি কৰিছে। মানুহে কয় যে বহুতো অভিজ্ঞ আৰু যোগ্য লোক এই পদত নিযুক্তিৰ বাবে আছিল, যাক উপেক্ষা কৰা হৈছিল আৰু ইচ্ছাকৃতভাৱে এই নিযুক্তি দিয়া হৈছে।

ইয়াৰ পূৰ্বে সোমবাৰে তালিবান চৰকাৰে আনুষ্ঠানিকভাৱে আফগানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দেশৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দলৰ প্ৰতিষ্ঠাপক বুৰহানুদ্দিন ৰব্বানীৰ নামেৰে নামাকৰণ কৰা বিশ্ববিদ্যালয়খনৰ নাম কাবুল শিক্ষা বিশ্ববিদ্যালয় হিচাপে নামাকৰণ কৰে।

হিন্দুস্থান নিউজ/সুপ্ৰভা/মনোজ/অৰবিন্দ


 rajesh pande