ভাৰতীয় জুনিয়ৰ হকী দল এ এইচ এফ মহিলা জুনিয়ৰ এছিয়া কাপৰ বাবে চীন অভিমুখে ৰাওনা
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোৱে অহা ৪ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এ এইচ এফ মহিলা জুনিয়ৰ এছিয়া কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে চীনৰ মকীলৈ ৰাওনা হয়। ১৮ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দি
भारतीय जूनियर महिला हॉकी टीम


নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোৱে অহা ৪ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এ এইচ এফ মহিলা জুনিয়ৰ এছিয়া কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে চীনৰ মকীলৈ ৰাওনা হয়। ১৮ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব মিডফিল্ডাৰ খাইদেম শিলাইমা চানুৱে।

নৱনিযুক্ত মুখ্য প্ৰশিক্ষক টিম হোৱাইটৰ নিৰ্দেশনাত ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। এই গ্ৰীষ্মকালত দলটোৱে ব্ৰিটেইনৰ এক উল্লেখযোগ্য ভ্ৰমণো গ্ৰহণ কৰিছিল, য’ত শীৰ্ষ পৰ্যায়ৰ দলৰ বিৰুদ্ধে খেলাৰ অভিজ্ঞতা লাভ কৰিছিল।

৫ জুলাইৰ পৰা ১৪ জুলাইলৈ এডিনবাৰ্গ আৰু লিলেশ্বলত অনুষ্ঠিত হোৱা ব্ৰিটেইন ভ্ৰমণৰ সময়ত ভাৰতে স্কটলেণ্ডৰ জ্যেষ্ঠ মহিলা দলৰ লগতে আমেৰিকা, ইংলেণ্ড, বেলজিয়ামৰ জুনিয়ৰ দলৰ বিৰুদ্ধে মুঠ ৭খন খেল খেলিছিল। ভাৰতে আমেৰিকাক ৬-০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে ২-০ গ’লত জয়লাভ কৰে। আমেৰিকাৰ বিৰুদ্ধে আন এখন মেচ ১-১ গ’লত ড্ৰ’ত সমাপ্ত হোৱাৰ পাছত পেনাল্টি শ্বুটআউটত ভাৰতে ৩-২ গ’লত জয়লাভ কৰে।

এই ভ্ৰমণে ভাৰতীয় দলটোক স্কটলেণ্ডৰ অভিজ্ঞ ছিনিয়ৰ দল আৰু বেলজিয়ামৰ ২১ বছৰ অনুৰ্ধৰ শক্তিশালী দলৰ বিৰুদ্ধে খেলাৰ মূল্যৱান অভিজ্ঞতাও প্ৰদান কৰিছিল।

যাত্ৰাৰ পূৰ্বে মুখ্য প্ৰশিক্ষক টিম হোৱাইটে কয় যে, এছিয়া কাপৰ বাবে চীনলৈ যাবলৈ পাই দলটো অতিশয় উৎসাহিত। আমাৰ প্ৰস্তুতি ভাল। আমি বেংগালুৰুৰ আলহী ভাৰতীয় দলৰ বিৰুদ্ধেও চাৰিখন গুৰুত্বপূৰ্ণ মেচ খেলিলোঁ। আমি নিশ্চিত যে আমি এনে এক কৌশল প্ৰস্তুত কৰিছো যিটো বিপক্ষ দলৰ বাবে কঠিন হ'ব। এতিয়া আমি এছিয়াৰ শ্ৰেষ্ঠ দলৰ বিৰুদ্ধে পৰীক্ষা কৰিবলৈ উৎসাহিত হৈছো।

আয়োজক দেশ চীন, জাপান, কোৰিয়া, আৰু মালয়েছিয়াৰ সৈতে ভাৰতক মহিলাৰ অভিজাত পুলত স্থান দিয়া হৈছে। ৫ ছেপ্টেম্বৰত কোৰিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে অভিযান আৰম্ভ কৰিব, তাৰ পিছত ৬ ছেপ্টেম্বৰত মালয়েছিয়াৰ বিৰুদ্ধে, ৮ ছেপ্টেম্বৰত জাপানৰ বিৰুদ্ধে আৰু ৯ ছেপ্টেম্বৰত চীনৰ বিৰুদ্ধে খেলিব।

ভাৰতৰ এলিট পুলৰ মেচ:

- ৫ ছেপ্টেম্বৰ : ভাৰত বনাম কোৰিয়া — ১ বজাত। - ৬ ছেপ্টেম্বৰ : ভাৰত বনাম মালয়েছিয়া — পুৱা ৯ বজা - ৮ ছেপ্টেম্বৰ : জাপান বনাম ভাৰত — ১১ বজাত - ৯ ছেপ্টেম্বৰ : চীন বনাম ভাৰত — ৭ বজাত।

এলিট পুলত শীৰ্ষ স্থানৰ বাবে অনুষ্ঠিত হোৱা মেচসমূহৰ পিছত প্ৰতিযোগিতাখনে নকআউট পৰ্যায়ত প্ৰৱেশ কৰিব। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখনৰ স্বৰ্ণ পদকৰ মেচ।

এছিয়াৰ শীৰ্ষ জুনিয়ৰ হকী দলসমূহৰ বাবে এ এইচ এফ মহিলা জুনিয়ৰ এছিয়া কাপত যুৱ খেলুৱৈসকলে মহাদেশখনৰ শক্তিশালী দলসমূহৰ বিৰুদ্ধে নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ লাভ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande