
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ভাৰতৰ চাৰিগৰাকী মহিলা ক্ৰিকেটাৰ শিখা পাণ্ডে, যস্তিকা ভাটিয়া, পূজা বাষ্ট্ৰকাৰ আৰু কিৰণ নৱগিৰে আগন্তুক কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ বাবে চুক্তিবদ্ধ হৈছে। ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতাখনৰ আগন্তুক ছিজন।
ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ হৈ খেলিব অভিজ্ঞ বেগী বলাৰ শিখা পাণ্ডে আৰু উইকেটকীপাৰ বেটছমেন যস্তিকা ভাটিয়াই। ২৫ বছৰীয়া যস্তিকা কেৰিবিয়ান প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰাৰ বিপৰীতে শিখাৰ এই প্ৰতিযোগিতাত তৃতীয় ছিজন হ’ব।
ডিফেণ্ডিং চেম্পিয়ন বাৰ্বাডোছ ট্ৰাইডেণ্টছৰ হৈ খেলিব দ্ৰুত বলিং অলৰাউণ্ডাৰ পূজা বাষ্ট্ৰকাৰ আৰু আক্ৰমণাত্মক বেটছমেন কিৰণ নাভগিৰে। দুয়োগৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে কেৰিবিয়ান প্ৰিমিয়াৰ লীগত খেলিব।
দীৰ্ঘদিন ধৰি আঘাতৰ বাবে ছুটীৰ পিছত ২০২৫ চনত পুনৰ প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ ঘূৰি আহিছিল পূজাই। মহিলা প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক প্ৰতিনিধিত্ব কৰাৰ পিছত মধ্যপ্ৰদেশ টি-২০ লীগত চম্বল ঘৰিয়ালছৰ হৈ খেলিছিল।
কিৰণ নৱগিৰৰ বাহিৰে পূজা, যস্তিকা আৰু শিখাই ইয়াৰ পূৰ্বে বিদেশী টি-২০ ফ্ৰেঞ্চাইজি লীগত খেলিছে। ২০২২-২৩ চনত পূজাই মহিলা বিগ বেছ লীগত অংশগ্ৰহণ কৰাৰ বিপৰীতে য়াষ্টিকাই ২০২৪-২৫ ছিজনত অষ্ট্ৰেলিয়ান লীগত খেলিছিল।
এই চাৰিগৰাকী ভাৰতীয় খেলুৱৈক কেৰিবিয়ান প্ৰিমিয়াৰ লীগত অন্তৰ্ভুক্ত কৰাটোৱে আগন্তুক ছিজনত ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া