ধিঙত চাঞ্চল্যকৰ চুৰিকাঘাটৰ ঘটনা
ধিঙত চাঞ্চল্যকৰ চুৰিকাঘাটৰ ঘটনা ।
ধিঙত চাঞ্চল্যকৰ চুৰিকাঘাটৰ ঘটনা


নগাঁও, ২১ আগষ্ট (হি.স.): নগাঁও জিলাৰ ধিঙত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া চাঞ্চল্যকৰ চুৰিকাঘাটৰ ঘটনা সংঘটিত হয় । স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা পত্নী দিপিকা দাসক মুমুৰ্ষ অবস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ।

স্বামী নবীন দাসক ধিং আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে । দম্পতী হালৰ ঘৰ ধিঙৰ দুই নং বিলতীয়াত বুলি কোৱা হৈছে । স্বামীয়ে ক্ৰয় কৰি অনা মাংস নৰন্ধাৰ বাবেই সুৰাপায়ী স্বামী নবীন দাসে পত্নী দিপিকা দাসক পিছফালৰ পৰা চুৰিৰে আঘাত কৰে । বৰ্তমান চিকিৎসাধীন হৈ আছে পত্নী দিপিকা দাস ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande