গোলাঘাট জিলাৰ ঢুলীয়া গাঁৱত ড্ৰাগচৰ বিৰুদ্ধে অভিযান
গোলাঘাট জিলাৰ ঢুলীয়া গাঁৱত ড্ৰাগচৰ বিৰুদ্ধে অভিযান ।
গোলাঘাট জিলাৰ ঢুলীয়া গাঁৱত ড্ৰাগচৰ বিৰুদ্ধে অভিযান


গোলাঘাট, ২১ আগষ্ট (হি.স.):গোলাঘাট জিলাৰ ঢুলীয়া গাঁৱত যোৱা কালি বৃহস্পতিবাৰে নিশা ড্ৰাগচৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে । এই অভিযানত গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে কেইবাহাজাৰ মূল্যৰ ড্ৰাগচ ।

এই সন্দৰ্ভত তিনিজন লোক ক্ৰমে নাছিক আলি, দীপক বড়ো, চিবু ভট্টাচাৰ্যসহ তিনিজনক গ্ৰেপ্তাৰ কৰে । জানিব পৰামতে, ঢুলীয়া গাঁৱৰ আন দুজন যুৱকক বিক্ৰি কৰিবলৈ আনিছিল ড্ৰাগছ খিনি।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande