বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মিনহাজুৰ ৰহমান
বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মিনহাজুৰ ৰহমান ।
বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মিনহাজুৰ ৰহমান


বৰপেটা, ২১ আগষ্ট (হি.স.): বৰপেটা ৰোড আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া মিনহাজুৰ ৰহমান । বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে বৰপেটা ৰোড আৰক্ষীৰ জালত পৰে কুখ্যাত ড্ৰাগছ মাফিয়া মিনহাজুৰ ৰহমান ।

জানিব পৰামতে, যোৱা কালি বৃহস্পতিবাৰে বিয়লি বৰপেটা ৰোড আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি বিশেষ অভিযান চলাই বৰপেটা ৰোডৰ ১নং ৰেলগেটৰ পৰা এজন কুখ্যাত ড্ৰাগছ মাফিয়াক বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ মাফিয়া মিনহাজুৰ ৰহমানৰ ঘৰ বৰপেটা ৰোডৰ সমীপবৰ্তী বিলাসীপাৰাত বুলি জানিব পৰা গৈছে ।

উক্ত অভিযানত আৰক্ষীয়ে ধৃত ড্ৰাগছ মাফিয়া মিনহাজুৰ ৰহমানৰ পৰা ৭টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি বৰপেটা ৰোড আৰক্ষীয়ে ধৃত ড্ৰাগছ মাফিয়া মিনহাজুৰ ৰহমানক আটক কৰি অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande