
নগাঁও, ২০ আগষ্ট (হি.স.)। ৰাজ্যত অব্যাহত আছে বন্যপ্ৰাণীৰ অবৈধ চিকাৰ। এইবাৰ নগাঁও জিলাৰ মনিপুৰটোপ পঞ্চায়তৰ অন্তৰ্গত ভকত গাঁৱৰ শিঙিমাৰিত পোহৰলৈ আহিছে বনৰীয়া চৰাইৰ অবৈধ চিকাৰৰ এক ভয়ংকৰ দৃশ্য। স্থানীয় একাংশ দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি অঞ্চলটোত ফান পাতি হাজাৰ হাজাৰ বনৰীয়া চৰাই ধৰি আহিছে।
এক গোপন সূত্ৰৰ পম খেদি যেতিয়াই সংবাদ মাধ্য়মৰ লোক উক্ত স্থানত উপস্থিত হয়, তেতিয়াই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। সাংবাদিকৰ কেমেৰা প্ৰত্যক্ষ কৰিয়েই ঘটনাস্থলীৰ পৰা লগে লগে দৌৰি পলায়ণ কৰে কেইবাজনো চোৰাং চিকাৰী।
স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ অনুসৰি, এই চোৰাং চিকাৰীৰ দলটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত থকা বিভিন্ন প্ৰজাতিৰ বনৰীয়া চৰাই সমূহ কুপটি বা জাল পাতি অবৈধভাৱে ধৰি চলাই ধৰি আহিছে। প্ৰকৃতি প্ৰেমী তথা স্থানীয় ৰাইজে এতিয়া বন বিভাগক এই সমগ্ৰ ঘটনাৰ ওপৰত কঠোৰ পদক্ষেপ ল’বলৈ আৰু পলায়ণ কৰা চোৰাং চিকাৰী কেইটাক অতি সোনকালে কৰায়ত্ত্ব কৰিবলৈ তীব্ৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ