
ধুবুৰী, ২০ আগষ্ট (হি.স.)।গোলকগঞ্জ আৰক্ষীৰ জালত এজন ছাইবাৰ অপৰাধী। অপৰাধী জনৰ নাম ছুৰ মহাম্মদ মণ্ডল। যুৱক জনৰ ঘৰ
পূৱ কানুৰীত গাঁৱত। ভুৱা একাউন্ট ব্যৱহাৰ কৰি টকা লেনদেনৰ অভিযোগ যুৱক জনৰ বিৰুদ্ধে। আজি গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱক জনক।
আৰক্ষীয়ে ১৭২/২০২৬নম্বৰত ভাৰতীয় ন্যয় সংহিতাৰ ১১২/৩১৮(৪)/৩১৯(২)/৩৩৬(৩)/৩৪০(২)/৬১(২) গোচৰ পঞ্জীয়ন কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ