আগমনীত আৰক্ষী অভিযানত বিলাসী বাহন , এখন বাইক সহ দুটাকৈ গো-ধন উদ্ধাৰ
ধুবুৰী ২০ আগষ্ট (হি.স.)। আগমনী থানাৰ অন্তৰ্গত ভামনডাঙ্গাত বিলাসী বাহন আৰু এখন বাইক জব্দ কৰাৰ লগতে দুটাকৈ গো-ধন উদ্ধাৰ।এজন সৰবৰাহকাৰীক আটক কৰে আগমনী আৰক্ষীয়ে। জব্দ কৃত বাহনখনৰ নম্বৰ হ''ল এএছ ০১এএন ৩৯৭৫ ।আৰু আটকাধীন সৰবৰাহকাৰী জনক ভামনডাঙ্গাৰ কবিৰুদ
আগমনীত আৰক্ষী অভিযানত বিলাসী বাহন , এখন বাইক সহ দুটাকৈ গো-ধন উদ্ধাৰ


ধুবুৰী ২০ আগষ্ট (হি.স.)। আগমনী থানাৰ অন্তৰ্গত ভামনডাঙ্গাত বিলাসী বাহন আৰু এখন বাইক জব্দ কৰাৰ লগতে দুটাকৈ গো-ধন উদ্ধাৰ।এজন সৰবৰাহকাৰীক আটক কৰে আগমনী আৰক্ষীয়ে। জব্দ কৃত বাহনখনৰ নম্বৰ হ'ল এএছ ০১এএন ৩৯৭৫ ।আৰু আটকাধীন সৰবৰাহকাৰী জনক ভামনডাঙ্গাৰ কবিৰুদ্দিন সেখ। বাহন খনৰ মালিক দীঘলটাৰীৰ ৰফিকুল হক বুলি জানিব পৰা গৈছে।

আনহাতে চোৰাং গো মাফিয়া মূল মাষ্টাৰ মাইণ্ড খেৰবাৰী চতুৰ্থ খণ্ডৰ মইনুল হকৰ বিৰুদ্ধে বহু দিনৰ ধৰি পশ্চিম বংগৰ পৰা গৌৰীপুৰ, ধুবুৰী লক্ষীমাৰী নালিয়া লৈ গো- ধন সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছে । সমান্তৰাল ভাৱে আজিও পশ্চিম বংগৰ পৰা ধুবুৰী লৈ গো সৰবৰাহ কৰোতে আগমনী আৰক্ষীয়ে অভিযান চলাই বিলাসী বাহন জব্দ কৰাৰ লগতে দুটাকৈ গো-ধন উদ্ধাৰ কৰে।

আকৌ কবিৰুদ্দিন সেখ নামৰ সৰবৰাহকাৰী এজনক আটক কৰিবলৈ সক্ষম হয়। আনহাতে ব্যাৱসায় চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড মইনুল হক এএছ ১৭আৰ ৭৮৯১ নম্বৰৰ আপাচি মটৰ চাইকেল খন ঘটনাস্থলীত এৰি থৈ পলায়ন কৰে। অবৈধ চোৰাং গো মাফিয়াৰ সৈতে জড়িত সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande