বানত ক্ষতিগ্ৰস্ত তিতাবৰৰ কৃষক সকলক সহায় কৰাৰ লক্ষ্যৰে কঠিয়া সিঁচা পৰ্ব
যোৰহাট, ৩১ জুলাই (হি.স.)। বানত ক্ষতিগ্ৰস্ত তিতাবৰৰ কৃষক সকলক সহায় কৰাৰ লক্ষ্যৰে কঠিয়া সিঁচা পৰ্ব। আজি বিধায়ক ধীৰাজ গোৱালাৰ নেতৃত্বত কৃষি বিভাগৰ সহযোগত কেঁচাইখাটিত কঠীয়া সিঁচা পৰ্বৰ শুভাৰম্ভ কৰে। কঠীয়া সিঁচা পৰ্বৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক
বানত ক্ষতিগ্ৰস্ত তিতাবৰৰ কৃষক সকলক সহায় কৰাৰ লক্ষ্যৰে কঠিয়া সিঁচা পৰ্ব


যোৰহাট, ৩১ জুলাই (হি.স.)। বানত ক্ষতিগ্ৰস্ত তিতাবৰৰ কৃষক সকলক সহায় কৰাৰ লক্ষ্যৰে কঠিয়া সিঁচা পৰ্ব। আজি বিধায়ক ধীৰাজ গোৱালাৰ নেতৃত্বত কৃষি বিভাগৰ সহযোগত কেঁচাইখাটিত কঠীয়া সিঁচা পৰ্বৰ শুভাৰম্ভ কৰে। কঠীয়া সিঁচা পৰ্বৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ধীৰাজ গোৱালাই।

শেহতীয়া বানপানীয়ে তিতাবৰ সম জিলাৰ ৬ খন ৰাজহ গাঁৱৰ প্ৰায় ১৯৫০ হেক্টৰ শালি খেতি সম্পূৰ্ণৰূপে নষ্ট কৰিছিল। এই ক্ষতি পূৰণ কৰাৰ বাবে মাধপুৰ আৰু বৰহোলা কৃষি চক্ৰৰ সহযোগত বৰহোলা, কেচাইখাটি, ইকৰাণি আৰু কাৰশলি অঞ্চল সামৰি মুঠ ৪টা কৃষি চক্ৰৰ ১৫ হেক্টৰ মাটিত উচ্চ গুণসম্পন্ন বিনা ১৭ জাতৰ ধানৰ কঠীয়া সিঁচাৰ ব্যৱস্থা কৰা হৈছে।

উক্ত কাৰ্যসূচীৰ জৰিয়তে উৎপাদিত কঠীয়া সমূহ স্থানীয় কৃষক সকলক বিনামূলীয়াকৈ যোগান ধৰা হ'ব। মাত্ৰ ২১ ৰ পৰা ২২ দিনৰ ভিতৰতে এই কঠীয়াবোৰ পথাৰত ৰুবলৈ উপযোগী হৈ উঠিব। যিয়ে অতি কম সময়ৰ ভিতৰতে কৃষক সকলক পুনৰ খেতি আৰম্ভ কৰাত সহায় কৰিব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande