
বাক্সা, ৩১ জুলাই (হি.স.)। গোৰেশ্বৰত সৰ্পদংশনৰ ফলত এগৰাকী ৮ বছৰীয়া কিশোৰীৰ মৃত্যু। মৃত কিশোৰী গৰাকী হৈছে গোৰেশ্বৰৰ বটিয়ামাৰী সৰস্বতী মণ্ডল (৮)। বৃহস্পতিবাৰে আবেলি প্ৰায় ২ বজাত সৰ্পদংশনৰ পিছত কিশোৰী গৰাকীক গোৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছিল।চিকিৎসালয়ত ড° প্ৰাণজিৎ দাসে কিশোৰী গৰাকীৰ চিকিৎসা চলাইছিল।
নিশা চিকিৎসাধীন অৱস্থাত কিশোৰী গৰাকীৰ মৃত্যু হয়। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন কৰি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত নিশা গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে থানালৈ লৈ আহে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ