চাকি-ধূপ প্ৰজ্বলন কৰি বৰহোলাত বানাক্ৰান্ত ৰাইজৰ বাবে কঁঠিয়া ধান সিঁচিলে তিতাবৰ বিধায়ক ধীৰাজ গোৱালাই
যোৰহাট, ৩১ জুলাই (হি.স.)। প্ৰলয়ংকাৰী বানে উজনি অসমৰ কেইবাখনো জিলাৰ ৰাইজৰ ঘৰ-বাৰী বিস্তৰ ক্ষতিসাধন কৰা সমান্তৰালভাৱে ক্ষতি কৰে হাজাৰ হাজাৰ বিঘা ৰোৱা মাটি৷এই বানে ধানৰ ভঁৰাল হিচাপে খ্যাত তিতাবৰ-বৰহোলাতো ৯ শ হেক্টৰ ৰোৱা কৃষিভূমি অনিষ্ট কৰে৷ বিশেষকৈ
চাকি-ধূপ প্ৰজ্বলন কৰি বৰহোলাত বানাক্ৰান্ত ৰাইজৰ বাবে কঁঠিয়া ধান সিঁচিলে তিতাবৰ বিধায়ক ধীৰাজ গোৱালাই


যোৰহাট, ৩১ জুলাই (হি.স.)। প্ৰলয়ংকাৰী বানে উজনি অসমৰ কেইবাখনো জিলাৰ ৰাইজৰ ঘৰ-বাৰী বিস্তৰ ক্ষতিসাধন কৰা সমান্তৰালভাৱে ক্ষতি কৰে হাজাৰ হাজাৰ বিঘা ৰোৱা মাটি৷এই বানে ধানৰ ভঁৰাল হিচাপে খ্যাত তিতাবৰ-বৰহোলাতো ৯ শ হেক্টৰ ৰোৱা কৃষিভূমি অনিষ্ট কৰে৷ বিশেষকৈ বৰহোলা মৌজাৰ অন্তৰ্গত কুমাৰভেঁটি,নাওপেটা,মহিমাবাৰী,কাউৰীচুক,বছা,উৰঙ্গীয়ালত কৃষকৰ শ শ বিঘা ৰোৱা মাটি অনিষ্ট কৰাত মূৰেকপালে হাতদিবলগীয়া পৰিস্থিতি হয়৷

এই দুৰ্ভগীয়া কৃষকসকলক সকাহ দিয়া উদ্দেশ্য তিতাবৰ বিধায়ক ধীৰাজ গোৱালা আৰু বৰহোলা অঞ্চলৰ কেইবাজন সচেতন ব্যক্তিৰ উদ্যোগত বৰহোলা খেৰেমা পথাৰ আৰু কেচাইখাটিত ২ হেক্টৰ ভূমিত কম দিনতে ৰুৱ পৰা বিনা-১৭ কঁঠিয়া বীজ সিঁচা হয়৷চাকি-ধূপ প্ৰজ্বলন কৰি কঁঠিয়া ধান সিঁচে তিতাবৰ বিধায়ক ধীৰাজ গোৱালাই৷এই কাৰ্যসূচীত বৰহোলা অঞ্চলৰ সচেতন ব্যক্তি দেৱজিৎ সোনোৱাল,বিবুল হাজৰিকাৰ লগতে ভালেসংখ্যক কৃষকে সহযোগ কৰে৷অনুষ্ঠানত তিতাবৰ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বৰহোলা অঞ্চলৰ ভালেসংখ্যক কৃষক উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande