
বিশ্বনাথ, ৩১ জুলাই (হি.স.)। চতিয়াত আৰক্ষীৰ জুৱা বিৰোধী অভিযান
। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত চতিয়াৰ দক্ষিণাঞ্চলৰ ২ নং ভোজমাৰীত বিশ্বনাথ আৰু চতিয়া আৰক্ষীৰ যুটীয়া অভিযান।
অভিযানত ৮ খন মটৰচাইকেল জব্দ কৰাৰ লগতে দুজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।
আটকাধীন দুয়োজনৰ ভিতৰত এজন বলোডুঙাৰ আব্দুল ছইদ আৰু আনজন আদাভেটিৰ আচমত আলি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে আটকাধীন দুয়োজন জুৱাৰীক আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা