মুকালমুৱাৰ চান্দাত ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি সন্ধানহীন ৭ বছৰীয়া শিশু
মুকালমুৱাৰ চান্দাত অঘটন।
মুকালমুৱাৰ চান্দাত ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি সন্ধানহীন ৭ বছৰীয়া শিশু


নলবাৰী, ৩১ জুলাই (হি.স.): নলবাৰী জিলাৰ মুকালমুৱাৰ চান্দাত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক অঘটন সংঘটিত হয় । ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি সন্ধানহীন হৈ পৰে এটি ৭ বছৰীয়া শিশু। মুকালমুৱাৰ চান্দাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি সন্ধানহীন হোৱা ৭ বছৰীয়া শিশুটিৰ নাম মহিবুৰ আলী বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, মহিবুৰ আলীয়ে ব্ৰহ্মপুত্ৰৰ পাৰত ৰখাই থোৱা এখন নাৱত খেলি আছিল। খেলি থকা অৱস্থাতে অসাৱধানবশতঃ পানীত পৰি যায় শিশুটি । বৰ্তমানেও স্থানীয় ৰাইজে শিশুটিৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande