
নগাঁও, ৩১ জুলাই (হি.স.)। ৰূপহীহাটৰ ভকুৱামাৰীত শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ।তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ এই প্ৰতিবাদ।মুজিবুৰ ৰহমান আৰু আমীৰ আলী নামৰ দুজন লোকে চৰকাৰী কৃষিবান্ধ দখল কৰাৰ অভিযোগ।
বৰঘুলী গড়কাপ্তানি পথৰ পৰা ভকুৱামাৰী খালপাৰ জামে মছজিদলৈ যোৱা কৃষি বান্ধটো কাটি দিয়াত যাতায়ত বন্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়ালৰ।এই কৃষি বান্ধটোৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰিছিল যদিও মজিবুৰে বাহুবল প্ৰয়োগ কৰি কৃষিবান্ধ টো কাটি খেতি কৰাৰ অভিযোগ।আমাৰ ৰাস্তা আমাক লাগিবই, চৰকাৰী ৰাস্তা বন্ধ কৰা নচলিব, মজিবুৰ হাই হাই আদি শ্লোগানেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ