
বৰপেটা, ৩১ জুলাই (হি.স.)। নিৰ্মাণৰ এবছৰ নৌহওঁতেই বিধস্ত শুৱালকুছিৰ এটি পকী পথ।এগৰাকী জনপ্ৰতিনিধিয়ে নিজ স্বাৰ্থ ৰ বাবেই বিধস্ত কৰে পথটি ।
এবছৰ নৌহওঁতেই যাতায়ত অনুপযোগী হোৱাত ক্ষুব্ধ স্থানীয় ৰাইজ।শুৱালকুছি বৰনিজৰা তথা গন্ধমৌ ফাটনা সংযোগী ব্লক পেভাৰৰ পথটি এতিয়া সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰিছে ।প্ৰাক্তন সাংসদ তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰমেন ডেকাৰ বিৰুদ্ধে ক্ষোভ স্থানীয়। ৰাইজৰ উল্লেখ্য আজি প্ৰায় ২ বছৰৰ পৰা জৈনক ডেকাৰ ভুমি পূৰ কৰিবলৈ।ঐতিহাসিক শুৱালকুছি মূগা গোপাচাৰ সংলগ্ন সেউজ পাহাৰ কাটি ৭০ % তহিলং কৰা হৈছে।সেউজ পাহাৰ কাটি ডাম্পাৰে নিজ ভুমিত মাটি পূূৰ কৰাত ডাম্পাৰ চলাচল ত পথটি বিধস্ত হৈ পৰিছে।
আনহাতে, জৈনক ডেকাই সেউজীয়া পাহাৰ ধ্বংস কৰি মাটি পুৰত কৰাত স্থানীয় ৰাইজৰ যাতায়াত আহুকাল সৃষ্টি হৈছে ।যাতায়ত ত কৰা পথত এককাল পৰ্যন্ত পানী হোৱাত ছাত্ৰছাত্ৰী ৰাইজৰ মাজত সমস্যা ৰ সৃষ্টি হয় ।স্থানীয় ৰাইজে জৈনক ডেকাৰ ভুমিৰে যাতায়ত কৰাত বাধা প্ৰদান কৰাৰ লগতে তলা বন্ধ কৰি দিয়ে।যাৰলত দুখন গাওঁৰ মাজত যোগাযোগ বিছিন্ন হৈ পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ