নুমলীগড়ত তেল চুৰি চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ
গোলাঘাট, ৩১ জুলাই (হি.স.)। নুমলীগড়ত তেল চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান, এজন গ্ৰেপ্তাৰ নুমলীগড় আৰক্ষীয়ে যোৱা নিশা তেল চুৰি চক্ৰৰ বিৰুদ্ধে চলোৱা এক সফল অভিযানত তেল চুৰিৰ সময়তে এজন অভিযুক্তক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব প
নুমলীগড়ত তেল চুৰি চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ


গোলাঘাট, ৩১ জুলাই (হি.স.)। নুমলীগড়ত তেল চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান, এজন গ্ৰেপ্তাৰ

নুমলীগড় আৰক্ষীয়ে যোৱা নিশা তেল চুৰি চক্ৰৰ বিৰুদ্ধে চলোৱা এক সফল অভিযানত তেল চুৰিৰ সময়তে এজন অভিযুক্তক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, নুমলীগড়ৰ এন আৰ এল মাৰ্কেটিং গেটৰ সমীপত গোপনে তেল চুৰিৰ কাৰ্য চলি থকা সময়তে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায়। অভিযানত নুৰ ইছলাম নামৰ এজন অভিযুক্তক আটক কৰা হয়।

আৰক্ষীৰ তথ্য অনুসৰি, ধৃত নুৰ ইছলামক আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande