
শোণিতপুৰ, ৩১ জুলাই (হি.স.)। শোণিতপুৰৰ খনামুখ ৰেলগেটৰ এজন ছাত্ৰ নিৰুদ্দেশ। শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী খনামুখ ৰেলগেট মিৰি পথাৰৰ এজন ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । ছাত্ৰ জনৰ নাম কানহাইয়া পাচোৱান উৰফে চনু ।
যোৱা ২৯ জুলাইত ঘৰৰ পৰা বালিপৰাৰ ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ জন কলেজলৈ ওলাই যোৱা সময়ৰে পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে।পৰিয়ালৰ লোকে ছাত্ৰ জনক বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত আজি চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। উল্লেখ্য উপেন্দ্ৰ পাছোৱান আৰু পুনম পাছোৱানৰ পুত্ৰ কানহাইয়া পাচোৱানক কোনো সদাশয় লোকে সন্ধান পালে ৭৮৯৬৮৫৯২১০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা