
শিৱসাগৰ, ৩১ জুলাই (হি.স.)। বানৰ প্ৰথম দুদিন জিলা প্ৰসাশন সম্পূৰ্ণ ব্যৰ্থ।এই মন্তব্য এ জে ৱাই চি পি(অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ)ৰ সভাপতি পলাশ চাংমাইৰ। শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে এক সংবাদ মেলত এই কথা কয়।
তেওঁ কয় যে বানৰ প্ৰথম দুদিন জিলা প্ৰসাশন সম্পূৰ্ণ ব্যৰ্থ। তৃতীয় দিনত দল সংগঠন, ৰাইজৰ সহযোগত চৰকাৰী প্ৰশাসনে বানাক্ৰান্তৰ কাষলৈ যাব পাৰিছিল। আগতীয়াকৈ ৰাইজক সজাগ কৰাত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগ সম্পূৰ্ণ ব্যৰ্থ হল।
বান পীড়িতৰ ঋণৰ ছমাহৰ কিস্তি চৰকাৰক দিবলৈ চৰকাৰক দাবী।
# বানপীড়িত কৃষকৰ কেচিচি ঋণ ৰেহাই দিয়াৰ
দাবী।
প্ৰধানমন্ত্ৰীয়ে ৰীল বনাইছে কিন্তু অসমৰ বানপানীৰ কথা কোৱা নাই। এইকেইদিন প্ৰধানমন্ত্ৰীয়ে কান্ধত গামোচা খন লোৱা নাই। অসমৰ কিমান মানুহ বানত মৰিৰে তেওঁ অসমলৈ আহিব সেয়া জনাব লাগে। অসমক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো গুৰুত্ব নাই।
অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো মূল্য নাই।
অএনজিচি আৰু অইলৰ কোনো বান সাহায্য আমি দেখা নাই। আৰ এছ এছক চি এছ আৰৰ ফান্দ দিয়া অএনজিচিয়ে বানাক্ৰান্তক কিয় দিব পৰা নাই। চি এছ আৰৰ সমূদায় ধন জিলা উপায়ুক্তৰ জড়িত বান পীড়িতৰ পুনৰ সংস্থাপনৰ বাবে খৰছ কৰিবলৈ দাবী। নহ'লে অএনজিছিৰ কাৰ্যালয় চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হ'ব। আমাক অ এনজিচিৰ ক্ষতিসাধন কৰিবলৈ বাধ্য নকৰিব। শিৱসাগৰ আৰু চৰাইদেউৰ তেল খান্দি আছে কিন্তু জিলা দুখনৰ ৰাইজৰ বাবে এপইচাও খৰছ কৰা নাই।
চাৰিলেন যুক্ত পথ সমুহ সু পৰিকল্পনাৰে নিৰ্মাণ নকৰাৰ বাবেই এতিয়াও পানী নদীলৈ যাব পৰা নাই। মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে ফোন কৰিছিল নে সেয়া কল ৰেকৰ্ডিং সহ ৰাজহুৱাকৈ অসমবাসীক জনাবলৈ মুখ্যমন্ত্ৰীক আহ্বান।
বান আৰু গৰাখহনীয়াৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা ৰূপে অন্তৰ্ভূক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী। বিশেষজ্ঞ সমিতিৰ যোগেদি অসমৰ বান সমস্যা বিষয়টো গৱেষণা কৰি সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী।
বান সমস্যা মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক বিশ হাজাৰ কোটি টকা দিবলৈ অসম চৰকাৰক দাবী।
গুৱাহাটী পৰা শিৱসাগৰ অহাৰ পথত টোল গেটৰ টোল ৰেহাই কৰিবলৈ চৰকাৰক দাবী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা