
শিৱসাগৰ, ৩১ জুলাই (হি.স.)। ডিমৌত কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকাই বান পীড়িত কৃষকৰ বাবে সিঁচিলে কঁঠিয়া।
ডিমৌ সমষ্টিৰ আহোম পথাৰত শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত ৰূপায়ন কৰিলে এই কাৰ্যসূচী।
ডিমৌৰ নিতাইপুখুৰী কৃষি চক্ৰৰ অন্তৰ্গত সাজু কৰা সমূহীয়া কঠিয়াতলিত আজি সিঁচা উন্নত জাতৰ চি আৰ-৩০৯ কঠিয়া শিৱসাগৰ জিলাৰ বানে ক্ষতি সাধন কৰা কৃষকসকলৰ মাজলৈ জিলা কৃষি বিভাগে প্ৰেৰণ কৰিব। ধানৰ বীজ সিঁচা কাৰ্যসূচীত কৃষি মন্ত্ৰী গৰাকীক সংগ দিয়ে ডিমৌৰ বিধায়ক তথা জল সম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, কৃষি বিভাগৰ সঞ্চালক ড৹ উদয় প্ৰবীণ জিলা কৃষি বিষয়া অমৃত শইকীয়াৰ লগতে বিভাগৰ বিষয়া-কৰ্মচাৰী সকল।।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা