
মাজুলী, ৩১ জুলাই (হি.স.)।
মাজুলীৰ নামনিত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। তীব্ৰ গৰাখহনীয়াই খহাই লৈ গৈছে আইআইটি গুৱাহাটী আৰু জলশক্তি মন্ত্ৰণালয়ে ২৮১ লাখ টকা ব্যয়েৰে ৰূপায়ণ কৰা খহনীয়া প্ৰতিৰোধী আঁচনিৰ একাংশ। চৰকাৰী সহায়ৰ আশা এৰি এতিয়া ঘৰে ঘৰে দান বৰঙণি তুলি নিজেই খহনীয়া ৰোধৰ যুঁজত নামিছে স্থানীয় যুৱক-যুৱতী। প্ৰচণ্ড সোঁতৰ মাজতে বাঁহৰ বুৰুজ নিৰ্মাণ কৰি ভেটি-মাটি বচোৱাৰ আপ্ৰাণ চেষ্টা চলাইছে তেওঁলোকে।
নামনি মাজুলীৰ চাৰিঘৰীয়া–বান্দৰবাৰী অঞ্চলত বিগত প্ৰায় দুটা মাহ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰা খহনীয়া। নদীৰ সংহাৰী ৰূপে প্ৰতিদিনে জাহ গৈছে কৃষিভূমি আৰু নদীপাৰৰ মাটি। খহনীয়াৰ ফলত অঞ্চলটোৰ বাসিন্দা সকলৰ মাজত সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতি। খহনীয়াৰ কবলত পৰি ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে আইআইটি গুৱাহাটী আৰু কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে ২৮১ লাখ টকা ব্যয়েৰে ৰূপায়ণ কৰা খহনীয়া প্ৰতিৰোধী আঁচনি। নদীৰ প্ৰচণ্ড সোঁতে আঁচনিৰ একাংশ উটুৱাই নিয়াত এতিয়া আঁচনিৰ কাৰ্যকাৰিতাক লৈও উঠিছে প্ৰশ্ন।
চৰকাৰী সহায় নাপাই উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে নিজেই আৰম্ভ কৰিছে খহনীয়া প্ৰতিৰোধৰ অভিযান। ঘৰে ঘৰে দান বৰঙণি সংগ্ৰহ কৰি স্থানীয় ডেকাসকলে প্ৰচণ্ড সোঁতৰ মাজত বাঁহৰ বুৰুজ নিৰ্মাণ কৰি খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে। নিজৰ ভেটি-মাটি আৰু গাঁওখন বচাবলৈ দিনে-নিশা একাকাৰ কৰি কাম কৰি আছে স্থানীয় লোকসকলে।
ব্ৰহ্মপুত্ৰৰ এই সংহাৰী ৰূপে কৰতিপাৰ আৰু শ্ৰীলোহিত পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চললৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। যিকোনো মুহূৰ্ততে অধিক মাটি নদীগৰ্ভত বিলীন হোৱাৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰিছে নৈপৰীয়া পৰিয়াল সমূহে। ইমান ভয়ংকৰ পৰিস্থিতিৰ মাজতো ব্ৰহ্মপুত্ৰ বৰ্ড অথবা ৰাজ্যৰ জলসম্পদ বিভাগৰ কোনো জৰুৰী ব্যৱস্থা বা স্থল পৰিদৰ্শন বৰ্তমানলৈকে দেখা নোপোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। শীঘ্ৰে বিজ্ঞানসন্মত আৰু স্থায়ী খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ক্ষুব্ধ ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা