
চিৰাং, ৩১ জুলাই (হি.স.)। বিজনীৰ চাতিয়ানগুৰীত নৃশংস হত্যাকাণ্ড।বিজনী জিলা ইউ পি পি এল দলৰ উপ সভাপতি জীবানন্দ বসমুতাৰী ওৰফে ৰাজু বসমুতাৰীক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ।
জানিব পৰা মতে কালি ৰাতি বিজনী চহৰস্থিত চিফুং হোটেলত দুজন যুৱকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল জীৱানন্দ বসুমতাৰীৰ।তাৰ পিছত নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছিল ইউপিপিএলৰ নেতাজন।পৰৱৰ্তী বৃহশপতিবাৰে পুৱাৰ ভাগত চাতিয়ানগুৰীত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।প্ৰথমতে পৰিয়ালৰ লোকে দুৰ্ঘটনাত পতিত হোৱা বুলি খবৰ পাইছিল পৰিয়ালৰ লোকে।ঘটনাস্থলীত বিজনীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইয়াৰ পৰৱৰ্তী চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা, অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) অমিত কুমাৰ মাহাতো উপস্থিত হোৱাৰ লগতে ফৰেনছিকৰ দল আহি উপস্থিত হৈছে।ইউ পি পি এল নেতা হত্যাকাণ্ডৰে জড়িতৰ সন্দেহত বিজনীত তিনিজনক গ্ৰেপ্তাৰ। মূল অভিযুক্ত অমৃত সৰকাৰ, আশিস মাদক, সঞ্জয় সাহাক গ্ৰেপ্তাৰ কৰিছে বিজনী আৰক্ষীয়ে। ইউ পি পি এল ৰ বিজনী জিলা উপ-সভাপতি জীৱানন্দ বসুমতাৰীক। বিজনীৰ ছাতিয়ানাগুৰিত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডটো।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ