
নলবাৰী, ৩১ জুলাই (হি.স.)। বৰক্ষেত্ৰীৰ দৌলাশালত ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়া। খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই।বৰক্ষেত্ৰীৰ দৌলাশালত তীব্ৰৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই। ব্ৰহ্মপুত্ৰ নৈৰ বাবে এইবৰ্ষত অঞ্চলটোত আৰম্ভ হৈছে ব্যাপক খহনীয়া। এই খহনীয়াৰ ফলত দৌলাশালৰ এটা অঞ্চলৰ লগতে জৰুৰী সুৰক্ষা মথাউৰিটোৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে।
আজি গৰাখহনীয়া স্থানত উপস্থিত হয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা। বিধায়কগৰাকীয়ে খহনীয়াগ্ৰস্ত স্থান পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতি বুজ লয়। বিধায়ক গৰাকীৰ লগতে নলবাৰী জিলাৰ জলসম্পদ বিভাগৰ বিষয়া সকলো উক্ত স্থানত উপস্থিত থাকে। পৰিদৰ্শন কালত বিধায়ক নাৰায়ণ ডেকাই খহনীয়া ৰোধৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে। ইফালে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে উক্ত স্থানত ১৫০০ মিটাৰ জুৰি এক বিশেষ গৰাখহনীয়া ৰোধক আঁচনি ৰূপায়ণ কৰা হ’ব বুলিও বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ