মঙলদৈ অসামৰিক চিকিৎসালয়ত বছৰ বছৰ ধৰি পেলাই ৰাখিছে দুটাকৈ নতুন জেনেৰেটৰ
মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অদ্ভুত কাণ্ড।
মঙলদৈ অসামৰিক চিকিৎসালয়ত বছৰ বছৰ ধৰি পেলাই ৰাখিছে দুটাকৈ নতুন জেনেৰেটৰ


দৰং, ৩১ জুলাই (হি.স.): মঙলদৈ অসামৰিক চিকিৎসালয়ৰ এক অদ্ভুত কাণ্ড পোহৰলৈ আহিছে । এদিনৰ বাবেও ব্যৱহাৰ নকৰাকৈ বছৰ বছৰ ধৰি পেলাই ৰাখিছে দুটাকৈ নতুন ডিজেল জেনেৰেটৰ (Diesel Generator)। ইফালে চিকিৎসালয়ৰ এলেকাতে থৈ দিয়া জেনেৰেটৰৰ পৰা মূল্যবান সামগ্ৰী (parts) নোহোৱা হোৱাৰ অভিযোগ উঠিছে । এদিনো ব্যৱহাৰ নোহোৱা জেনেৰেটৰৰ পৰা নোহোৱা হ’ল বেটাৰী, চেল্ফ কে ধৰি মূল্যবান সামগ্ৰী।

ইফালে ব্যৱহাৰ হৈ থকা অন্য এটা জেনেৰেটৰ যোৱা প্ৰায় এমাহ ধৰি বিকল হৈ থকাৰ বাবে চিকিৎসালয় খনত হোৱা নাছিল নিশাৰ ভাগত কোনো ধৰণৰ অস্ত্ৰোপচাৰ। অৱশেষত বাতৰিৰ প্ৰভাৱত এমাহ ধৰি বিকল হৈ থকা জেনেৰেটৰ টো কাৰ্যক্ষম কৰি তোলে। বিকল্প হিচাবে দুটাকৈ জেনেৰেটৰ থকাৰ পিছতো কি কাৰণত এমাহে এই দুটা ব্যৱহাৰ নকৰিলে তাৰে অনুসন্ধান কৰাৰ পিছতেই ওলাই পৰে ওৰহী গছৰ ওৰ।আচলতে নতুন জেনেৰেটৰৰ পৰা ইতিমধ্যে বেটাৰী, চেল্ফ খুলি লৈ যোৱা হৈছে। কোনে কি কাৰণত খুলি নিছে তাৰো কোনো উত্তৰ নাই চিকিৎসালয় কৰ্তৃপক্ষৰ হাতত। চিকিৎসালয়ৰ এলেকাৰ ভিতৰত চি চি কেমেৰাৰ নিয়ন্ত্ৰণত থকা এলেকাৰ পৰা কেনেদৰে কোনে পাৰ্টছ সমূহ লৈ গল সেইয়া আচৰিত ধৰণৰ কথা বুলি উল্লেখ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ভবেশ কাকতিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande