ক্ষেত্ৰীৰ ভোগপুৰত পুৱতি নিশা বন্যহস্তীৰ উপদ্ৰৱ
গুৱাহাটী, ৩১ জুলাই (হি.স.)। ক্ষেত্ৰীৰ ভোগপুৰত পুৱতি নিশা বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুটাকৈ পৰিয়ালৰ বাসগৃহ আৰু আচবাব। কথমপি প্ৰাণ ৰক্ষা পৰিয়াল দুটাৰ সদস্যৰ,মালিকুছিৰ দেবেন ডেকা আৰু বেহাৰবাৰীৰ গজিন
ক্ষেত্ৰীৰ ভোগপুৰত পুৱতি নিশা বন্যহস্তীৰ উপদ্ৰৱ


ক্ষেত্ৰীৰ ভোগপুৰত পুৱতি নিশা বন্যহস্তীৰ উপদ্ৰৱ


গুৱাহাটী, ৩১ জুলাই (হি.স.)। ক্ষেত্ৰীৰ ভোগপুৰত পুৱতি নিশা বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুটাকৈ পৰিয়ালৰ বাসগৃহ আৰু আচবাব।

কথমপি প্ৰাণ ৰক্ষা পৰিয়াল দুটাৰ সদস্যৰ,মালিকুছিৰ দেবেন ডেকা আৰু বেহাৰবাৰীৰ গজিন বৰাৰ ঘৰত পুৱতি নিশা হঠাৎ বন্যহস্তীয়ে চলাই এই উপদ্ৰৱ। শুই থকা অৱস্থাতে পৰিয়াল দুটাই অতৰ্কিতে হাতী অহাৰ উমান পাই প্ৰাণৰক্ষা কৰে যদিও হাতীয়ে বেৰ ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ সামগ্ৰী।

পৰৱৰ্তী পৰ্যায়ত স্থানীয় ৰাইজে হাতীটো খেদিবলৈ সমৰ্থ হয়।

কোনোমতে পেটে-ভাতে জীৱন নিৰ্বাহ কৰা পৰিয়াল দুটাই এতিয়া চৰকাৰৰ পৰা বিচৰিছে উপযুক্ত ক্ষতিপূৰণ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande