খাৰুৱা বান্ধা আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান, ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী
মানকাচৰ, ৩১ জুলাই (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী-মানকাচৰ সংযোগী পথৰ ফেকামাৰীত এক গোপন খবৰৰ ভিত্তিত খাৰুৱা বান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলোকেশ নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ড্ৰাগছ বিৰোধী অভিযান চলায়।উক্ত অভিযানত ন
খাৰুৱা বান্ধা আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান, ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী


মানকাচৰ, ৩১ জুলাই (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী-মানকাচৰ সংযোগী পথৰ ফেকামাৰীত এক গোপন খবৰৰ ভিত্তিত খাৰুৱা বান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলোকেশ নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ড্ৰাগছ বিৰোধী অভিযান চলায়।উক্ত অভিযানত নিচাজাতীয় মাৰাত্মক হেৰ'ইনসহ তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে আটক কৰা তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মানকাচৰ থানা এলেকাৰ কদমতুলি গাওঁৰ ৰবিউল ইছলাম, ফকিৰ চান্দ আৰু মহিবুল ইছলাম । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ১১.৬৪ গ্ৰাম মাৰাত্মক নিচাজাতীয় হেৰ'ইন , দুখন স্মাৰ্ট ফোন, নগদ ৭২০ টকা জব্দ কৰিবলৈ সক্ষম হয়।আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী তিনিটা ই-ৰিক্সাৰে হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে ফেকামাৰীত নাকা চেকিংৰ জৰিয়তে চলায় ড্ৰাগছ বিৰোধী অভিযানটো ।সম্প্ৰতি আৰক্ষীয়ে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী তিনিটাক খাৰুৱা বান্ধা আৰক্ষী চকীলৈ নি অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande