
শোণিতপুৰ, ৩১ জুলাই (হি.স.)। গণিত বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পঞ্চম স্থানৰে উজ্বলিল জামুগুৰিহাটৰ মৃণ্ময় কাকতী৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতক ষষ্ঠ ষন্মাশিকৰ পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ভিতৰতে গণিত বিষয়ত পঞ্চম স্থান লাভ কৰি বৃহত্তৰ নদুৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে জামুগুৰিহাটৰ পাতলৰচুক গাওঁৰ মৃণ্ময় কাকতীয়ে৷
বৃহত্তৰ নদুৱাৰ অঞ্চলৰ অন্যতম উচ্চশিক্ষাৰ অনুষ্ঠান ত্যাগবীৰ হেমৰুৱা মহাবিদ্যালয়ৰ পৰা পৰীক্ষাত অবতীৰ্ন হোৱা মৃণ্ময় কাকতীৰ এই সফলতাত অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে৷ ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ সপোন পুহি ৰখা মৃন্ময়ে এই সফলতাৰ বাৱে বিশেষকৈ মহাবিদ্যালয়ৰ শিক্ষক আৰু পিতৃ মাতৃক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰিলে জীৱনত বিচৰা ধৰণে সফলতা লাভ কৰিব পাৰি বুলি মন্তব্য কৰে৷ মৃণ্ময় কাকতী জামুগুৰিহাটৰ পাতলৰচুক গাওঁৰ কৃষক অশ্বিনী কাকতী আৰু কিৰণ কাকতীৰ একমাত্ৰ সন্তান৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু