যোগীঘোপাৰ কাবাইটাৰীত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
যোগীঘোপাৰ কাবাইটাৰীত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ।
যোগীঘোপাৰ কাবাইটাৰীত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান


বঙাইগাঁও, ৩১ জুলাই (হি.স.): অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ৰাজ্যজুৰি ‘সক্ৰিয়’ হৈ পৰিছে বন বিভাগ । বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণাৰ পিছতে তৎপৰ হৈ পৰে বঙাইগাঁও জিলাৰ বন বিভাগ । যোগীঘোপাৰ কাবাইটাৰীত যোৱা কালি বৃহস্পতিবাৰে বিয়লি অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান চলে ।

যোগীঘোপাৰ কাবাইটাৰীত বন বিভাগে অভিযান চলাই জব্দ কৰে কাঠ ফলা মিচিন আৰু সজুলী । মুকলি কৰাৰ পূৰ্বেই গোপন সূত্ৰৰ ভিত্তিত অবৈধ কাঠ ফলা মিল জব্দ কৰে বন বিভাগে । অভয়াপুৰী আঞ্চলিক বন বিষয়া শংকৰ ৰায়ৰ নেতৃত্বত বন কৰ্মীয়ে অভিযান চলাই উৎখাত কৰে অবৈধ কাঠফলা মিল। বন বিভাগৰ অভিযানত জব্দ কৰা হয় কাঠফলা মেচিন আৰু সা সামগ্ৰী । ইফালে বন বিভাগৰ অভিযানৰ উমান পাই পলায়ন অবৈধ কাঠফলা মিলৰ গৰাকী ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande