
নগাঁও, ৩১ জুলাই (হি.স.)। ৰূপহীহাটৰ ভকুৱামাৰীত শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ। তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক কেন্দ্ৰ কৰি উক্ত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মুজিবুৰ ৰহমান আৰু আমীৰ আলী নামৰ দুজন লোকে চৰকাৰী কৃষিবান্ধ দখল কৰাৰ অভিযোগ। বৰঘুলী গড়কাপ্তানি পথৰ পৰা ভকুৱামাৰী খালপাৰ জামে মছজিদলৈ যোৱা কৃষি বান্ধটো কাটি দিয়াত যাতায়ত বন্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়ালৰ।
উক্ত কৃষি বান্ধটোৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰিছিল যদিও মজিবুৰে বাহুবল প্ৰয়োগ কৰি কৃষিবান্ধটো কাটি খেতি কৰাৰ অভিযোগ।
আমাৰ পথ আমাক লাগিবই, চৰকাৰী পথ বন্ধ কৰা নচলিব, মজিবুৰ হাই হাই আদি শ্লোগানেৰে সাব্যস্ত কৰা হই উক্ত প্ৰতিবাদ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু