সত্ৰৰ ভূমি ৰক্ষাৰ ঐতিহাসিক সিদ্ধান্তক বিভিন্ন শ্ৰেণীয়ে আদৰণি জনাইছেঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ৩১ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে ৰাজ্য চৰকাৰে সত্ৰৰ ভূমি সুৰক্ষিত কৰাৰ লগতে ২৫০ বছৰতকৈও অধিক পুৰণি অসমৰ সকলো ধৰ্মীয় অনুষ্ঠানৰ ঐতিহ্য সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তক সমাজৰ বিভিন্ন শ্
The image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ৩১ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে ৰাজ্য চৰকাৰে সত্ৰৰ ভূমি সুৰক্ষিত কৰাৰ লগতে ২৫০ বছৰতকৈও অধিক পুৰণি অসমৰ সকলো ধৰ্মীয় অনুষ্ঠানৰ ঐতিহ্য সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীয়ে আন্তৰিকতাৰে আদৰণি জনাইছে ।

অসমৰ পবিত্ৰ ঐতিহ্য, সংস্কৃতি, আৰু অনন্য পৰিচয় সংৰক্ষণৰ দিশত গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যখনৰ চহকী পৰম্পৰা আৰু ঐতিহ্যক আগন্তুক প্ৰজন্মৰ বাবে সংৰক্ষণৰ বাবে এক শক্তিশালী ভেটি হিচাপে প্ৰমাণিত হ’ব বুলি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীয়ে কয়।

তেওঁ জনোৱা মতে, এই সিদ্ধান্তক বটদ্ৰৱ থান পৰিচালনা সমিতিৰ অধ্যক্ষ তথা নৰোভা সত্ৰৰ শ্ৰদ্ধাৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়েও আদৰণি জনাইছে। ৰাজ্য চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপক তেওঁ প্ৰশংসা কৰি অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ দিশত ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande